thumbnail

Man constructs a road by himself: 40 বছৰ পথাৰেই বাট হৈ ৰ’ল ৰাঙলু গাঁওবাসীৰ বাবে

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 1:15 PM IST

নগাঁও, 7 নৱেম্বৰ : চৰকাৰ তথা জনপ্ৰতিনিধিলৈ বাট নাচাই বঢ়মপুৰ সমষ্টিৰ কঠিয়াতলীৰ এজন লোকে নিজেই নিৰ্মাণ কৰিলে এটা পথ ৷ হয়, চৰকাৰৰ অমনোযোগিতা আৰু জনপ্ৰতিনিধিৰ গাফিলতিৰ বাবে বিগত ৪০ বছৰে এটা পথৰ বাবে হাৰাশাস্তি ভুগি আহিছিল কঠিয়াতলী ৰাঙলু গাঁৱৰ ৰাইজে ৷ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ৰাঙলু গাঁৱলৈ যোৱা দুই কিলোমিটাৰ পথটি নিৰ্মাণ কৰিবলৈ বিগত ৪০ বছৰে সময় নাপালে চৰকাৰ, বিধায়ক তথা স্থানীয় পঞ্চায়তে ৷

বাৰিষা একাঠু পৰ্যন্ত বোকাৰ মাজেৰে অহা-যোৱা কৰিব লাগে ৰাঙলু গাঁওবাসীয়ে ৷ যাৰ বাবে কাৰো সহায় নোলোৱাকৈ নিজৰ গাঁঠিৰ ধন ভাঙি মহম্মদ হজৰত আলী নামৰ এজন লোকে নিৰ্মাণ কৰিছে পথটো ৷ মাটি আৰু ৰাবিজ পেলাই বৰ্তমান অহা-যোৱা কৰিব পৰাকৈ ব্যৱস্থা কৰি দিছে লোকজনে ৷ লোকজনৰ আহ্বান চৰকাৰ তথা বিধায়কলৈ, যাতে পথটো এতিয়া পকী কৰি দিয়ে ৷

লগতে পঢ়ক : Pathetic road condition : অৰ্জুনগুৰি-বিৰিণাবাৰী সংযোগী পথৰ বিধস্ত ৰূপ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.