Drunken police personnel: মঙলবাৰে সুৰাৰ ৰাগিয়ে অমংগল মাতিলে মংগল ছাৰলৈ
🎬 Watch Now: Feature Video
নগাঁও, 5 এপ্ৰিল : সাধাৰণ জনতাক নিৰাপত্তা প্ৰদানৰ দায়িত্বত থকা এগৰাকী আৰক্ষীৰ কৰ্মকাণ্ডই লজ্জানত কৰিছে নগাঁও আৰক্ষীক ৷ নগাঁও জিলাৰ ধিঙৰ ৰাজপথত সুৰাৰ ৰাগিত মাতাল হৈ সৰ্বসাধাৰণক বিহু দেখুৱালে আৰক্ষীয়ে । মঙলবাৰৰ সন্ধিয়া মংগল পাণ্ডে নামৰ এগৰাকী আৰক্ষীয়ে অত্যাধিক সুৰাপান কৰি সুৰাৰ ৰাগীত মাতাল হৈ বাইকেৰে আহি নিজেই দুৰ্ঘটনাত পতিত হয় ধিং চাৰিআলিত (Drunken police person in Nagaon) ।
দুৰ্ঘটনা সংঘটিত হোৱাৰ পিচতো পৰিস্থিতি সম্বন্ধে কোনো সম্বিত নাই আৰক্ষীজনৰ ৷ বাইকৰ পৰা পৰাৰ পিচতে টোপনিত লালকাল হৈ পৰা মংগল পাণ্ডেৰ চাৰিওপিনে মানুহেই মানুহ তৎসত্বেও বহুসময়লৈ কোনো উমঘাম নাই আৰক্ষীজনৰ । অৱশেষত মংগল পাণ্ডেক লৈ যোৱা হয় এখন 108 এম্বুলেঞ্চ গাড়ীৰে ধিং হাস্পতাললৈ । ৰাইজৰ নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষীৰেই যদি এই গতি তেন্তে ৰাইজক নিৰাপত্তা দিব কোনে ? এইজন আৰক্ষীৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হে হ’ব লক্ষণীয় বিষয় ।
লগতে পঢ়ক : Assam Accord Issue in Assembly: অসম চুক্তিৰ উত্তৰক লৈ অসন্তুষ্ট কংগ্ৰেছৰ সদন ত্যাগ