Drugs seized: পুনৰ ড্ৰাগছ সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলী, এটা নিহত

By

Published : Jul 25, 2023, 10:45 PM IST

thumbnail

কাছাৰ, 25 জুলাই : কাছাৰ জিলাত পুনৰ গৰজিল আৰক্ষীৰ আগ্নেয়াস্ত্ৰ ৷ আৰক্ষীৰ গুলীত নিহত এটা সৰবৰাহকাৰী , দুটা আহত ৷  

উল্লেখ্য যে, বিগত দীৰ্ঘদিন ধৰি বৰাক উপত্যকাত আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে ৷ ইয়াৰ মাজতে সোমবাৰে নিশা এছ টি এফে কাছাৰত অভিযান চলাই  40 কোটিৰো অধিক মূল্যৰ ড্ৰাগছসহ তিনি সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ এই অভিযানত এছটিএফ বাহিনীয়ে 2.5 কেজি হেৰ’ইন আৰু এক লাখ য়াবা টেবলেটসহ তিনিজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ জব্দকৃত নিচাযুক্ত সামগ্ৰীখিনি  বিভিন্ন ৰাজ্যৰ পৰা বহিঃৰাজ্যলৈ সৰবৰাহ কৰিবলৈ লৈ যোৱা হৈছিল ৷ আটকাধীন তিনি অভিযুক্ত মনোৱাৰ হুছেইন বাৰাভূঞা, সদৰ উদ্দিন আৰু আফছাৰ আলম বুলি চিনাক্ত কৰা হৈছে ৷ 

আৰক্ষীয়ে অভিযুক্তক লৈ যোৱাৰ সময়তে সৰবৰাহকাৰীয়ে পলাবলৈ চেষ্টা কৰোঁতেই আৰক্ষীয়ে সৰবৰাহকাৰীকেইটালৈ উদ্দেশ্যি গুলীচালনা কৰে ৷ আৰক্ষীৰ গুলীত এটা নিহত হোৱাৰ লগতে দুটা গুৰুতৰভাৱে আহত হয় ৷ আহত দুই অভিযুক্ত শিলচৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে বুলি মঙলবাৰে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙৰ লগতে কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই জানিবলৈ দিয়ে ৷ 

লগতে পঢ়ক: Morigaon Mob lynching case update: "গৰু চোৰ নহয় আমি কাবাদী খেলুৱৈহে...."

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.