Drugs seized in Jonai: জোনাইত ড্ৰাগছসহ ব্যৱসায়ীক গ্ৰেপ্তাৰ

By

Published : Oct 27, 2022, 8:34 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

thumbnail

ৰাজ্যত ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে (Anti drugs operation)। অসম আৰক্ষীয়ে বিভিন্ন স্থানত এই অভিযান তীব্ৰতৰ কৰি তুলিছে যদিও একাংশ দুষ্টচক্ৰই এতিয়াও ড্ৰাগছৰ বেহা অব্যাহত ৰাখিছে (Assam police raid against drugs)। যাৰ বাবে এইবাৰ ধেমাজি জিলাৰ জোনাইত চলিল ড্ৰাগছ বিৰোধী অভিযান । অভিযানত প্ৰায় ১.৫৪ গ্ৰাম ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী (Police seized drugs in Jonai)। লগতে ৩,৯০০ টকাও জব্দ কৰে আৰক্ষীয়ে । মূৰ্কংচেলেক ৰে'লৱে ষ্টেচনত অভিযান চলাই আৰক্ষীয়ে ৰোহিত ৰাম নামৰ এজন ড্ৰাগছ ব্যৱসায়ীকো গ্ৰেপ্তাৰ কৰে (Drug peddler arrested)। অভিযোগ অনুসৰি নিজে ড্ৰাগছ সেৱন কৰাৰ উপৰিও দীৰ্ঘদিন ধৰি অঞ্চলটোত ড্ৰাগছৰ বেহা চলাই আহিছিল ৰোহিত ৰামে । বুধবাৰে নিশা জোনাই আৰক্ষী বিষয়া নেত্ৰকমল শইকীয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অভিযান চলাই ৰাইজৰ সহযোগত গ্ৰেপ্তাৰ কৰে ড্ৰাগছ ব্যৱসায়ীটোক ।

Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.