Drugs seized: গোৱালপাৰাৰ লক্ষীপুৰত ড্ৰাগছ জব্দ

By

Published : May 7, 2023, 10:29 PM IST

thumbnail

গোৱালপাৰা,৭ মে': ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ অভিযান অব্যাহত ৰাখিছে গোৱালপাৰাৰ লক্ষীপুৰ ধূমেৰঘাট আৰক্ষীয়ে । ধূমেৰঘাটত দিন দুপৰতে আটক হৈছে দুৰ্ধষ ড্ৰাগছ মাফিয়া । ধূমেৰঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিপুমনি চৌধুৰীয়ে অভিযান চলাই আটক কৰে ড্ৰাগছ মাফিয়া আজিজুৰ ৰহমানক । ধূমেৰঘাটৰ খলিচাভিটা দলংৰ কাষত নিষিদ্ধ ড্ৰাগছ সৰবৰাহ কৰি থকা অৱস্থাত আটক কৰে আৰক্ষীয়ে (Drugs seized at Goalpara in Lakhipur) ।  

ড্ৰাগছ মাফিয়াটোৰ পৰা জব্দ হৈছে ৫০ টা সন্দেহ জনক হেৰ'ইন ভৰ্তি কন্টেইনাৰ (Drugs seized) । ধৃত ড্ৰাগছ মাফিয়াটোৰ ঘৰ ধুবুৰী জিলাৰ ফকিৰগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত মৈৰাকুছিত (Drugs paddler arrested in Goalpara) । ড্ৰাগছ মাফিয়াটোৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে AS 01 FH 8301 নম্বৰৰ এখন বিলাসী বাহন আৰু এটা স্মাৰ্ট ফোন । ধৃত সৰবৰাহকাৰীটো দীৰ্ঘদিন ধৰি খলিচাভিটা অঞ্চলত নিষিদ্ধ ড্ৰাগছ সৰবৰাহ কৰি অহাৰ অভিযোগ আছে । 

লগতে পঢ়ক: Rangali Tingkhang-2023: জুবিন গাৰ্গৰ সংগীতানুষ্ঠানত ড্ৰাম বজালে হিমা দাসে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.