Drugs Paddler Detained : বঙাইগাঁৱৰ শালবাগানত ড্ৰাগছসহ আটক সৰবৰাহকাৰী - ড্ৰাগছসহ আটক সৰবৰাহকাৰী
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/02-11-2023/640-480-19923426-thumbnail-16x9-drugs.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Nov 2, 2023, 4:41 PM IST
বঙাইগাঁও, 2 নৱেম্বৰ : বৃহস্পতিবাৰে দুপৰীয়া প্ৰায় 1 বজাত বঙাইগাঁও জিলাৰ শালবাগানত উত্তৰ বঙাইগাঁও পহৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুখেশ ঘোষৰ নেতৃত্বত অভিযান চলাই হৰি মন্দিৰৰ সন্মুখৰ পৰা বুজন পৰিমাণৰ সন্দেহজনক ব্ৰাউন চুগাৰ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ জানিব পৰা মতে গোপন সূত্ৰৰ যোগেদি খবৰ লাভ কৰি এই অভিযান চলায় বঙাইগাঁও আৰক্ষীয়ে ৷
অভিযানত আটক ৰহিম আলী নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰী ৷ সৰবৰাহকাৰীটোৰ পৰা দুটা চাবোনৰ বাকচত উদ্ধাৰ কৰা হয় 25.72 গ্ৰাম ব্ৰাউন চুগাৰ ৷ আটকাধীন ৰহিম আলীৰ পৰা কিছু নগদ ধনৰ লগতে AS 19 L 8569 নম্বৰৰ পালছাৰ বাইক জব্দ কৰে আৰক্ষীয়ে ৷ ইতিমধ্যে ৰহিম আলীক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷
লগতে পঢ়ক : Drugs seized: ২ গৰাকী মহিলা ড্ৰাগছ সৰবৰাহকাৰীসহ ড্ৰাগছ জব্দ