Police raid against drugs: বৰপেটাত ড্ৰাগছসহ আটক সৰবৰাহকাৰী

By

Published : Dec 18, 2022, 4:37 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

thumbnail

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লেখিয়াকৈ বৰপেটা জিলাতো অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান (Majhdia Police raid against drugs) ৷ শনিবাৰে নিশা এক গোপন খবৰৰ ভিত্তিত মাজদিয়া আৰক্ষীয়ে অভিযান চলাই ক্ষুদ্ৰ বামুনবড়ীত ৷ মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল বৰাৰ নেতৃত্বত আৰু কাৰ্যবাহী দণ্ডাধীশ ত্ৰিদিব কুমাৰ কোঁৱৰৰ উপস্থিত আৰক্ষীৰ এটা দলে চলাই এই অভিযান ৷ অভিযানকালত ড্ৰাগছসহ আৰক্ষীয়ে আটক কৰে এটা সৰবৰাহকাৰীক (Drugs peddler arrested) ৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰীটো ক্ষুদ্ৰ বামুনবড়ীৰ নবীন হাচান (৩৫) বুলি জানিব পৰা গৈছে । নবীন হাচানৰ বাসগৃহৰ পৰা আৰক্ষীয়ে চাৰিটাকৈ ড্ৰাগছ ভৰ্তি প্লাষ্টিকৰ কন্টেইনাৰ, এটা মোবাইল ফোন আৰু নগদ ৩,৫০০ টকা জব্দ কৰে । সম্প্ৰতি আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ধৃত সৰবৰাহকাৰীটোক ৷

Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.