thumbnail

By

Published : Aug 7, 2023, 9:38 AM IST

ETV Bharat / Videos

Drugs seized: মুকালমুৱা আৰক্ষীৰ জালত ড্ৰাগছসহ সৰবৰাহকাৰী

নলবাৰী,7 আগষ্ট: ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান ৷ নলবাৰীতো আৰক্ষীয়েও অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান ৷ শনিবাৰে মুকালমুৱা আৰক্ষীয়ে নলবাৰীৰ বৰ্ণিবাৰীত ড্ৰাগছ বিৰোধী অভিযান চলাই ৷ গোপন সূত্ৰৰ খবৰৰ ভিত্তিত মুকালমুৱা আৰক্ষীয়ে আভিযান চলাই উক্ত অঞ্চলত ৷  অভিযানৰ সময়ত মুকালমুৱা আৰক্ষীয়ে ড্ৰাগছসহ আটক কৰিছে এটা সৰবৰাহকাৰীক । ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম মনি ডেকা । 

সৰবৰাহকাৰীটোৰ পৰা ৬ টা কন্টেইনাৰত ৭.৭১ গ্ৰাম সন্দেজনক হেৰ’ইন জব্দ কৰে আৰক্ষীয়ে । ধৃত মনি ডেকাই অঞ্চলটোত দীৰ্ঘদিন ধৰি গোপনে ড্ৰাগছৰ বেহা চলাই থকাৰ বুলি জানিব পৰা গৈছে ৷ যুৱ প্ৰজন্মক মাৰাত্মক ড্ৰাগছৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ মুখ্যমন্ত্ৰীয়ে আৰক্ষীক কঠোৰ হ’বলৈ নিৰ্দেশ দিছিল ৷ মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাচতে আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত তীব্ৰতৰ কৰিছিল ৷ কিন্তু মাৰাত্মক ড্ৰাগছ বিৰোধী অভিযানত সফলো হৈছে আৰক্ষী ৷ 

লগতে পঢ়ক: BJP Minority Morcha Women Executive: শিলাদিত্য দেৱক ভাৰতীয় হোৱা আহ্বান সাংসদ দিলীপ শইকীয়াৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.