Drugs Seized: মেৰাপানীত চি আৰ পি এফৰ অভিযানত ড্ৰাগছসহ আটক সৰবৰাহকাৰী - Drugs Sezied
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13-11-2023/640-480-20014619-thumbnail-16x9-drugs.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Nov 13, 2023, 7:24 PM IST
তিতাবৰ/গোলাঘাট, 13 নৱেম্বৰ : সোমবাৰে মেৰাপানীৰ 142 নং চি আৰ পি এফৰ অভিযানত ড্ৰাগছসহ আটক হয় দুটা সৰবৰাহকাৰী ৷ অভিযানকাৰী দলটোৱে লগতে জব্দ কৰে সৰবৰাহকাৰী কেইটাই ব্যৱহাৰ কৰা এখন পালচাৰ বাইক ৷
মেৰাপানীৰ ইছলামপুৰৰ চাবিৰ হুছেইন আৰু চাজিদ আহমেদ নামৰ সৰবৰাহকাৰী দুটাই গোলাঘাটৰ দিশৰ পৰা মেৰাপানীলৈ ড্ৰাগছ আনি থকা অৱস্থাত চি আৰ পি এফে গোপন সূত্ৰৰ পম খেদি পুলিবাগানৰ নিউ মাৰ্কেটত দুই সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ চি আৰ পি এফৰ তথ্য অনুসৰি দুই সৰবৰাহকাৰীৰ পৰা পাঁচটাকৈ ড্ৰাগছৰ পেকেট, এখন নম্বৰপ্লেট বিহীন পালচাৰ বাইক, দুটা ম'বাইল ফোন জব্দ কৰে ৷
জব্দ কৰা ড্ৰাগছখিনিৰ আনুমানিক মূল্য পাঁচ লক্ষাধিক টকা হ’ব বুলি অনুমান কৰা হৈছে ৷ ইতিমধ্যে চি আৰ পি এফে দুই ড্ৰাগছ সৰবৰাহকাৰীৰ লগতে ড্ৰাগছসহ জব্দ কৰা সামগ্ৰী সমূহ মেৰাপানী আৰক্ষীক চমজাই দিছে ৷
লগতে পঢ়ক : Land Distput of Majuli: মাজুলীত দুখন গাঁৱৰ ৰাইজৰ মাজত ভূমিকেন্দ্ৰিক সংঘাত