Drinking water issue: বিশুদ্ধ নহয়, নদীৰ পানীয়েই ভৰষাৰ স্থল এখন গাঁৱৰ

By

Published : Jun 10, 2023, 8:12 PM IST

thumbnail

কোকৰাঝাৰ,১০ জুন: অসম চৰকাৰে জনসাধাৰণক বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ উদ্দেশ্যৰে কোটি কোটি টকা ব্যয়ৰে কেইবাখনো অভিলাষী আঁচনি গ্ৰহণ কৰি ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে, গাঁৱে-ভূঞে স্থাপন কৰিছে পানী যোগান আঁচনি  (Drinking water issue in Kokrajhar) ৷ কিন্তু চৰকাৰৰ এই পানী যোগান আঁচনি স্থাপন হোৱা বিভিন্ন অঞ্চলতো সাধাৰণ ৰাইজ বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হ'বলগা হৈছে (Drinking water problem in Kokrajhar) ৷  

বিগত কেবাটাও দিন ধৰি এই আঁচনিৰ পৰা কোকৰাঝাৰ আৰু ধুবুৰী জিলা সীমান্তৰ তথা ধুবুৰী সংমণ্ডলৰ অন্তৰ্গত শিমলাবাৰী-ফুটকীবাৰী গাঁওবাসীয়ে এটুপিও বিশুদ্ধ খোৱাপানী লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ নানানটা কাৰিকৰী বিজুতিৰ অজুহাত দেখুৱাই প্ৰায়েই ব্যাহত হৈ পৰে শিমলাবাৰী পানী যোগান ব্যৱস্থা (Drinking water issue) ৷ যাৰ পৰিপ্ৰেক্ষিতত গ্ৰামাঞ্চলৰ ৰাইজে উপায়ান্তৰ হৈ গাঁওখনৰ ওচৰেদি বৈ যোৱা গৌৰাং নদীৰ পানীকেই সেৱন তথা ব্যৱহাৰ কৰিব লগা অৱস্থাৰ সৃষ্টি হৈছে ৷  

গাঁওখনৰ জীয়ৰী-বোৱাৰীয়ে ককালত কলহ লৈ গৌৰাং নদীৰ পানী কঢ়িয়াব লগা হৈছে  ৷ সংবাদ মাধ্যমৰ আগত গাঁওবাসীয়ে জানিবলৈ দিয়া অনুসৰি শিমলাবাৰী-ফুটকিবাৰী পানী যোগান আঁচনিৰ দ্বাৰা ৰাইজ উপকৃত হোৱাৰ পৰিৱৰ্তে জ্বলা-কলাহে খাব লগা হৈছে  ৷ কিয়নো আঁচনিখনৰ অধীনত গাঁওখনৰ বিভিন্ন স্থানত স্থাপন কৰা পানী যোগানৰ নলাসমূহ বন্ধ হৈ পৰিছে ৷ 

লগতে পঢ়ক: PC of Save Guwahati Build Guwahati: গুৱাহাটী পৌৰ নিগমৰ সম্পত্তি কৰ বৃদ্ধিৰ সিদ্ধান্তৰ বিৰোধিতা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.