Draft Voter List released: প্ৰকাশ পালে জোনাই বিধানসভা সমষ্টিৰ খচৰা ভোটাৰ তালিকা - জোনাই নিৰ্বাচনী বিষয়া গায়ত্ৰী পাতিৰ
🎬 Watch Now: Feature Video

জোনাইত খচৰা ভোটাৰ তালিকা প্ৰকাশ(Draft voter list released in Jonai) । ১১৪ নং জোনাই বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ৩,১৬,৫৩৭ গৰাকী ভিতৰত পুৰুষ ভোটাৰ ১,৬০,৪২৯ আৰু মহিলা ১,৫৬,১০৮ গৰাকী ভোটাৰৰ নাম এইখন খচৰাত অন্তৰ্ভুক্ত কৰা হয় । তালিকা প্ৰকাশ কৰাৰ পাছতেই জোনাই নিৰ্বাচনী বিষয়া গায়ত্ৰী পাতিৰ, সাংবাদিক আৰু বিভিন্ন ৰাজনৈতিক দলৰ নেতাকৰ্মীৰ সৈতে এখন সংবাদমেল সম্বোধন কৰি এই কথা উল্লেখ কৰে মহকুমাধিপতি প্ৰদ্বীপ কুমাৰ দ্বিবেদীয়ে । মহকুমাধিপতিগৰাকীয়ে লগতে উল্লেখ কৰে যে ৯ নৱেম্বৰ পৰা ৮ ডিচেম্বৰৰ ভিতৰত ভোটৰ তালিকাত নামভৰ্তি বা শুধৰণিৰ সুযোগ গ্ৰহণ কৰিব পাৰিব সাধাৰণ জনতাই ।
Last Updated : Feb 3, 2023, 8:31 PM IST