thumbnail

By

Published : Mar 9, 2023, 12:45 PM IST

ETV Bharat / Videos

Doul Mahostsav in Barpeta: দৌল মহোৎসৱত লোকে লোকাৰণ্য় বৰপেটা সত্ৰ

বৰপেটা, ৯ মাৰ্চঃ ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত যোৱা ছয় মাৰ্চৰ পৰা আৰম্ভ হোৱা চাৰিদিনীয়া দৌল মহোৎসৱৰ বুধবাৰে দ্বিতীয় ভৰদৌল পালন কৰা হয় (Doul Mahostsav 2023)। নক্ষত্ৰ গণনাৰ ভিত্তিত সোমবাৰে দুপৰীয়াৰ পৰা আৰম্ভ হোৱা গোঁসাইৰ গাত ফাকু দি আশীস লোৱা পৰ্ব কালিও অব্যাহত থাকে । পৰম্পৰা অনুসৰি দ্বিতীয় ভৰদৌলতো সত্ৰৰ গায়ন বায়নে যোগমোহন গৃহত গায়ন বায়ন পৰিৱেশন কৰে । কৃষ্ণ নৃত্যও পৰিৱেশন কৰা হয় ।  

কালি পুৱাৰে পৰা বৰপেটা সত্ৰত অজস্ৰ লোকৰ সমাগম হয় (Doul Mahostsav in Barpeta Satra)। ইয়াকে লৈ কেৱল সত্ৰ চৌহদেই নহয়, সমগ্ৰ বৰপেটাত বিৰাজ কৰিছে উখল মাখল পৰিৱেশে । আনহাতে, মঙলবাৰে নিশা গোসাইক সেৱা জনাবলৈ সত্ৰখনত অভূতপূৰ্ব জনসমাগম হয় । বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠকে কয় পুৱতি নিশা ৪-২০ বজাত ভৰদৌলৰ ক্ষণ শেষ হোৱাৰ লগে লগে কলীয়া গোসাই মহাপ্ৰভূক দৌলগৃহৰ পৰা নমাই অনা হয় । তাৰ পাছত আৰম্ভ হয় ফাকুৱা পালনৰ ক্ষণ ।  

উল্লেখযোগ্য যে বৃহস্পতিবাৰে বৰপেটা সত্ৰত ফাকুৱা উৎসৱ পালন কৰা হৈছে । ফাকুৱা তথা হোলী পালনৰ মাজতে আজি বিয়লি গোঁসাইক বৰপেটা সত্ৰৰ পৰা গণকুছিৰ কলবাৰী সত্ৰলৈ হেকতা খুৱাবলৈ নিয়া হ'ব । কলবাৰী সত্ৰৰ পৰা পুনৰ গোঁসাইক বৰপেটা সত্ৰলৈ ঘুৰাই অনাৰ পাছত সত্ৰৰ দালানত বাহ ভঙা পৰ্ব অনুষ্ঠিত হ'ব । গোঁসাইৰ ভক্তসকলে বাহ ভঙাৰ পাছত পুনৰ গোঁসাইক সত্ৰৰ মূল উপাসনা স্থানত অধিস্থিত কৰা হ'ব ।

লগতে পঢ়ক:Banking fraud at Moran: ভুৱা নথি আৰু পৰিচয় পত্ৰৰে মৰাণৰ এক্সিছ বেংকৰ পৰা 23 লাখ টকা সৰলুকি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.