Poor service in DRBCH : অসামৰিক চিকিৎসালয়ত দিনৰ ১ বজালৈ নাথাকে চিকিৎসক - ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 5, 2023, 6:04 PM IST

বাক্সা, ৫ আগষ্ট: বাক্সা জিলাৰ সদৰ মুছলপুৰস্থিত ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত নাই পৰ্যাপ্ত চিকিৎসক ৷ দিনৰ এক বজালৈ চিকিৎসালয়খনত পৰ্যাপ্ত চিকিৎসক নথকাত ৰোগীৰ মাজত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ ৷ ফলত দূৰ দূৰণিৰ পৰা অহা ৰোগীসকলে বহু সময় ধৰি চিকিৎসকৰ বাবে অপেক্ষা কৰি ঘৰলৈ উভতি যাব লগা হয় ৷  

উল্লেখ্য যে জিলাখনৰ একমাত্ৰ অসামৰিক চিকিৎসালয়খনৰ মেনুৱেলত আজি পোন্ধৰ গৰাকী চিকিৎসক উপস্থিত থাকিব লাগে যদিও মাত্ৰ চাৰিগৰাকী চিকিৎসকহে উপস্থিত থাকে ৷ বৃদ্ধ আইতা, কোলাত ৰুগীয়া পানী কেঁচুৱাক লৈ ঘন্টাৰ পাচত ঘণ্টা ধৰি চিকিৎসাৰ বাবে চিকিৎসালয়খনত অপেক্ষা কৰি থাকিব লগীয়া হয় দুই শতাধিক ৰোগী ৷ কিন্তু কি কাৰণে এইসকল চিকিৎসক চিকিৎসালয়খনত উপস্থিত নাই সেয়া ৰহস্যজনক ৷  

শনিবাৰে বাক্সা জিলা ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দলে চিকিৎসালয়খন পৰিদৰ্শন কৰি চিকিৎসকৰ অনুপস্থিতি দেখি তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ৷ প্ৰতিনিধি দলটোৱে শীঘ্ৰে মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মা আৰু বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োক চিকিৎসালয় সমূহত উপযুক্ত চিকিৎসা ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় ৷ 

লগতে পঢ়ক:Kamal Medhi Suspension Case : ভবেন চৌধুৰীৰ ষড়যন্ত্ৰ ! আদালতৰ কাষ চাপিল নিলম্বিত আপ নেতা কমল মেধি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.