Diwali 2023 : তেজপুৰত ৰং-বিৰঙৰ বিভিন্ন আতচবাজীৰ ব্যাপক প্ৰচলন

By ETV Bharat Assamese Team

Published : Nov 11, 2023, 7:44 PM IST

thumbnail

তেজপুৰ, 11 নৱেম্বৰ : পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাত্ৰ এটা দিন ৷ সমগ্ৰ দেশৰ লগতে অসমতো চলিছে পোহৰৰ উৎসৱ উদযাপন কৰাৰ ব্যাপক প্ৰস্তুতি ৷ বজাৰত এতিয়া সহজলভ্য হৈ পৰিছে বভিন্ন ধৰণৰ ৰং-বিৰঙৰ আতচবাজী ৷ তেজপুৰ চহৰতো উভৈনদী ৰং-বিৰঙৰ আতচবাজী লগতে বুকু কঁপাই যোৱা আতচবাজীৰ শব্দ ৷ দিপাৱলীৰ পিছতে যেন পুনৰ অন্ধকাৰচন্ন হৈ পৰিব প্ৰাকৃতিক পৰিৱেশ ৷

প্ৰশাসনৰ তৰফৰ কম প্ৰৱল্যৰ আতচবাজী বিক্ৰীৰহে নিৰ্দেশ প্ৰদান কৰা হৈছে যদিও এই নিৰ্দেশ যেন অসাৰ প্ৰতিপন্ন হৈছে ৷ উচ্চ প্ৰবাল্যৰ ফটকা ফুটাই শব্দ প্ৰদূষণৰ সৃষ্টি কৰাৰ লগতে ক’লা ধোঁৱাই প্ৰদূষিত কৰিছে বায়ুমণ্ডল ৷ আতচবাজীৰ শব্দৰ প্ৰাবল্যৰ ফলত হৃদৰোগ, শ্বাসজনিত ৰোগ, চকুৰ ৰোগ ইত্যাদিয়ে ব্যাপক প্ৰভাৱ পেলায় ৷ লগতে আতচবাজীৰ শব্দই জীৱ-জন্তু, চৰাইৰ ওপৰতো বিৰূপ প্ৰভাৱ পেলায় ৷  

অসম চৰকাৰৰ দুৰ্যোগ প্ৰশমন বিভাগে বিভাগীয় কৰ্তৃপক্ষলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছিল যে আতচবাজীৰ উদ্যোগ আৰু মজুত ৰখা স্থান সমূহ পুংখানুপুংখভাবে পৰীক্ষা কৰি সুৰক্ষাৰ দিশ নিৰ্ধাৰণ কৰাৰ ৷ কিন্ত শোণিতপুৰ জিলাত এনে ধৰণৰ কোনো পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা নাই যদিও জিলা প্ৰশাসনে এই বিষয়ে সকলো বিভাগক নিৰ্দেশ জাৰি কৰিছে ৷  

লগতে পঢ়ক : Diwali 2023: দিব্যাংগৰ চাকিৰে পোহৰ কৰক আপোনাৰ ঘৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.