Drive Against School Bus : মহানগৰীৰ ছয়মাইলত স্কুল বাছৰ বিৰুদ্ধে পৰিবহন বিভাগৰ অভিযান

By

Published : Aug 4, 2023, 5:18 PM IST

thumbnail

গুৱাহাটী, 4 আগষ্ট : মহানগৰীৰ ছয়মাইলত স্কুল বাছৰ বিৰুদ্ধে পৰিবহন বিভাগৰ অভিযান ৷ নীতি বহিৰ্ভূতভাবে চলাচল কৰা স্কুল বাছ সমূহক নাকি লগাবলৈ ৰাজপথত নামিল পৰিবহন বিভাগ ৷

পৰিবহন বিষয়া হিমাংশু দাসৰ নেতৃত্বত চলিল এই অভিযান ৷ কোনো কাৰণতেই নীতি বহিৰ্ভূতভাবে স্কুল বাছ সমূহ চলাচল কৰিব নোৱাৰিব ৷ স্কুল বাছৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ সকলো নীতি-নিয়ম মানি চলাৰ নিৰ্দেশ পৰিবহন বিভাগৰ ৷ লগতে National Commission For Protection Of Child Right ৰ নীতি-নিয়ম সমূহ মানিব লাগিব স্কুল বাছ সমূহে ৷

প্ৰতিখন বাছতে থাকিব লাগিব এগৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবে মহিলা সুৰক্ষা কৰ্মী ৷ পৰিচালিত হৈ থাকিব লাগিব স্কুল বাছৰ চিচি টিভি ৷ বৃহস্পতিবাৰে পুৱাৰ ভাগত দুখন স্কুল বাছত সুৰাসক্ত চালক পোৱা গৈছিল বুলি সদৰি কৰে পৰিবহন বিষয়াই ৷

লগতে পঢ়ক : Teacher appointment scam: শিক্ষা বিভাগৰ কেলেংকাৰীৰ সৈতে জড়িত আন এজনক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.