Fish Freezer Truck : ধুবুৰীত আৰ আই ডি এফ আঁচনিৰ দুখনকৈ মাছ ৰখা শীতলীকৰণ বাহন - Fish freezer truck to beneficiaries in Dhubri

🎬 Watch Now: Feature Video

thumbnail

By

Published : Oct 15, 2022, 10:11 AM IST

Updated : Feb 3, 2023, 8:29 PM IST

ধুবুৰীত আৰ আই ডি এফ আঁচনিৰ অধীনত দুখনকৈ বিশেষ মাছ ৰখা শীতলীকৰণ বাহন প্ৰদান কৰা হৈছে (Distribution of fish freezer truck to beneficiaries) ৷ অসম চৰকাৰৰ মীন বিভাগৰ অধীনস্থ ৰুৰেল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভলপমেণ্ট ফাণ্ড চমুকৈ আৰ আই ডি এফ আঁচনিৰ (RIDF) জৰিয়তে শুকুৰবাৰে ধুবুৰী আৱৰ্ত ভৱন চৌহদত দুজন হিতাধিকাৰীক বাহন দুখন প্ৰদান কৰা হয় (Fish freezer truck to beneficiaries in Dhubri) ৷ ধুবুৰী জিলা মীন বিষয়া মাহবুৰ ৰহমানে এই সন্দৰ্ভত কয় যে উক্ত বাহনখনৰ বাবে হিতাধিকাৰীয়ে মাত্ৰ ২০ শতাংশ ধন জমা দিবলগা হৈছিল আৰু বাকী ৮০ শতাংশ ধন চৰকাৰৰ ফালৰ পৰা দিয়া হৈছে ৷ অসম টাটা মোটৰৰ্ছৰ ফালৰ পৰা আগৱঢ়োৱা উক্ত চাৰিচকীয়া মাছ ৰখাৰ শীতলীকৰণ বাহনখনৰ যোগেদি হিতাধিকাৰীয়ে মাছসমুহ উক্ত বাহনত ৰাখি ক্ৰয়-বিক্ৰয় কৰাৰ ক্ষেত্ৰত অধিক সুবিধা লাভ কৰিব পাৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে ৷ এই অনুষ্ঠানত ধুবুৰী জিলা উপায়ুক্ত অন্বামুথান এম পি, অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাস আৰু মীন বিভাগৰ জিলা বিষয়া মাহবুৰ ৰহমানৰ উপস্থিত থাকে ৷
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.