thumbnail

By

Published : Jul 31, 2023, 8:05 PM IST

ETV Bharat / Videos

Diphu Dist. Congress Protest :ডিফুত কাৰ্বি আংলং জিলা কংগ্ৰেছৰ উদ্যোগত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ

ডিফু,31 জুলাই: অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে কংগ্ৰেছে সাব্যস্ত কৰিছে প্ৰতিবাদ ৷ সোমবাৰে ডিফুত কাৰ্বি আংলং জিলা কংগ্ৰেছৰ উদ্যোগত মূল্যবৃদ্ধিৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ৷ প্ৰতিবাদত জিলা কংগ্ৰেছ সভাপতি তথা প্ৰাক্তন মন্ত্ৰী চুম ৰংহাঙ, প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছৰ জ্যেষ্ঠ প্ৰৱক্তা জয়ৰাম ইংলেঙসহ জিলা কংগ্ৰেছৰ দলীয় কৰ্মীসকলে অংশগ্ৰহণ কৰে ৷ 

বিজেপি দল সকলো দিশতে ব্যর্থ হোৱা বুলি কঠোৰ সমালোচনা কৰে কংগ্ৰেছৰ নেতাসকলে ৷ আচ্ছে দিনৰ সপোন দেখুৱাই এতিয়া সাধাৰণ জনতাক ভাতে মৰাৰ চেষ্টা চলাইছে এই বিজেপি চৰকাৰে এই বুলিও সমালোচনা কৰে কংগ্ৰেছৰ জ্যেষ্ঠ প্ৰৱক্তা জয়ৰাম ইংলেঙে ৷ কংগ্ৰেছ দল ক্ষমতালৈ আহিলে ছিণ্ডিকেট নোহোৱা কৰিম ৷ বৰ্তমান কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদে এখন ব্যৱসায়ীক প্ৰতিষ্ঠানলৈ তিনি-চাৰিখনকৈ লাইচেঞ্চ দিয়াৰ যি প্ৰথা প্ৰচলিত কৰিছে তাক বিলুপ্ত কৰা হ’ব বুলি মন্তব্য জয়ৰাম ইংলেঙৰ ৷

আনহাতে জিলা কংগ্ৰেছৰ সভাপতি চুম ৰংহাঙে বিজেপি চৰকাৰে সাধাৰণ জনতাক টেটু চেঁপা দিছে বুলি সমালোচনা কৰে ৷ ইফালে কংগ্ৰেছৰ আমোলত সামগ্ৰীৰ দাম বৃদ্ধিৰ বিৰুদ্ধে বিজেপিয়ে প্ৰতিবাদ কৰিছিল ৷ কিন্তু আজি তাৰ এশ গুণ বেছি মূলাবৃদ্ধি হোৱাৰ পাচতো এই চৰকাৰখন মনে মনে আছে ৷ 

লগতে পঢ়ক:International Conference Of Karbis: ডিফুত কাৰ্বিসকলৰ মৌখিক পৰম্পৰা সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় সন্মিলন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.