ETV Bharat / entertainment

দ্বিতীয় উঃ-পূব ভাৰত চলচ্চিত্ৰ মহোৎসৱত অসমীয়া-মণিপুৰী চলচ্চিত্ৰলৈ শীৰ্ষ সন্মান - 2ND NEIFF OITHAREI WHERE IS MY HOME

দ্বিতীয় এন ই ইণ্ডিয়া চলচ্চিত্ৰ মহোৎসৱৰ সামৰণি ৷ মহোৎসৱত জিলিকি ৰ’ল অসমীয়া-মণিপুৰী চলচ্চিত্ৰ ৷

manipuri film oitharei wins best feature film at NEIFF assamese film where is my home secures the Best Non-Feature Film award
মণিপুৰী চলচ্চিত্ৰ (Photo : Etv Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : Feb 18, 2025, 4:26 PM IST

হায়দৰাবাদ : মণিপুৰত চলি থকা দ্বিতীয় এন ই ইণ্ডিয়া চলচ্চিত্ৰ মহোৎসৱ 2025 ৰ দেওবাৰে সামৰণি পৰে ৷ পাঁচদিনীয়াকৈ আনুষ্ঠিত হয় এই দ্বিতীয় এন ই ইণ্ডিয়া চলচ্চিত্ৰ মহোৎসৱ ৷ গিবানলাটা থোকচোমৰ দ্বাৰা প্ৰযোজিত আৰু দিনেশ নাওৰেমৰ দ্বাৰা পৰিচালিত মণিপুৰী ফিচাৰ ফিল্ম, "ঐথাৰেই"ক দ্বিতীয় উত্তৰ-পূব ভাৰত চলচ্চিত্ৰ মহোৎসৱ (NEIFF), ২০২৫ মণিপুৰত শ্ৰেষ্ঠ ফিচাৰ ফিল্ম হিচাপে ঘোষণা কৰা হয় । সমীৰণ ডেকাৰ দ্বাৰা প্ৰযোজিত আৰু ভাস্কৰ জ্যোতি দাস পৰিচালিত অসমীয়া ছবি "হোৱেৰ ইজ মাই হোম"এ শ্ৰেষ্ঠ নন-ফিচাৰ চলচ্চিত্ৰৰ বঁটা লাভ কৰে ।

ধীৰাজ কাশ্যপৰ দ্বাৰা পৰিচালিত "এমেচাৰ" (অসমীয়া) এ শ্ৰেষ্ঠ পৰিচালনা আৰু "বাঘজান" (অসমীয়া)ৰ বাবে দেৱজিৎ গায়নে শ্ৰেষ্ঠ শব্দগ্ৰহণকাৰীৰ বঁটা লাভ কৰে ৷ বিনোৰঞ্জন ঐনামে "লাংদাই আমা" (মণিপুৰী)ৰ বাবে শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বঁটা; তৰুণ ৱাঙে "লাংগোই"ৰ বাবে শ্ৰেষ্ঠ সম্পাদনাৰ বঁটা; জয় মেকোলাই "ঐথাৰেই"ৰ বাবে শ্ৰেষ্ঠ চিনেমাট’গ্ৰাফী বঁটা; অভিনেত্ৰী নৰ্মদাই "সুনীতা"ৰ বাবে বিশেষ জুৰী বঁটা; "দ্য লিগেচি অফ 4 জেনেৰেশ্যনছ"ক বিশেষ উল্লেখ (অনা-ফিচাৰ চলচ্চিত্ৰ) বঁটা আৰু "সুনীতা"ক বিশেষ উল্লেখ (ফিচাৰ ফিল্ম) বঁটাৰে সন্মানিত কৰা হয় ।

পাঁচদিনীয়া এই মহোৎসৱত অসমীয়া ছখন ছবিকে ধৰি মুঠ 28 খন ছবি প্ৰদৰ্শিত হয় ৷ ছবি প্ৰদৰ্শনৰ চাৰিটা স্থান আছিল – চিটি কনভেনশ্যন চেণ্টাৰ, ইম্ফল; টান্থাপলিছ চিনেমা, লেম্পেল আৰু কাকচিঙৰ পুথিভঁৰাল আৰু তথ্য কেন্দ্ৰ ৷ 28 খন ছবিৰ ভিতৰত 10 খন ছবি বিভিন্ন বঁটা শাখাৰ বাবে নিৰ্বাচিত হয় ।

মণিপুৰৰ প্ৰাক্তন পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক থংগাম বিশ্বজিতে বিজয়ীসকলক বঁটা প্ৰদান কৰে ।

ইম্ফলৰ মহানগৰ সন্মিলন কেন্দ্ৰত ১২ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা এই মহোৎসৱটি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয় আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (এন এফ ডি চি)ৰ পৃষ্ঠপোষকতাত ফিল্ম ফ'ৰাম মণিপুৰ আৰু তথ্য আৰু জনসম্পৰ্ক সঞ্চালকালয়ৰ সহযোগত মণিপুৰৰ থৌনাৰ দ্বাৰা যুটীয়াভাৱে আয়োজন কৰা হৈছিল ।

লগতে পঢ়ক : অসমৰ শিপিনীৰ পাট কাপোৰ উজলিল সংযুক্তা দত্তৰ ডিজাইনত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.