Routa encounter update : ডিম্বেশ্বৰ মুছাহাৰীৰ বাসগৃহত শোকাকুল পৰিৱেশ - ডিম্বেশ্বৰ মুছাহাৰীৰ বাসগৃহত শোকাকুল পৰিৱেশ
🎬 Watch Now: Feature Video
বাক্সা, ১২ মাৰ্চ : ওদালগুৰিৰ ৰৌতাত আৰক্ষীৰ এনকাউণ্টাৰত নিহত ডিম্বেশ্বৰ মুছাহাৰীৰ মৃতদেহ অৱশেষত ১৬ দিনৰ মূৰত উপস্থিত হ’ল বাক্সাৰ জেংৰেংপাৰাৰ নিজ গৃহত । দুধৰ্ষ ডকাইত কেনাৰাম বসুমতাৰীৰ বিপৰীতে আৰক্ষীৰ গুলীত নিহত হৈছিল ৰৌতাৰ পেছাত খেতিয়ক ডিম্বেশ্বৰ মুছাহাৰীৰ । কেনাৰাম বসুমতাৰীৰ মৃত্যু হোৱা বুলি ওদালগুৰি আৰক্ষীয়ে কেনাৰামৰ পৰিয়ালক মৃতদেহটো গতাই দিয়াৰ পিছত গাঁত খান্দি পুতি থৈছিল মৃত দেহটো (Rowta Police Encounter)।
কিন্তু সেয়া ডিম্বেশ্বৰ মুছাহাৰীৰ পৰিয়ালে ডিম্বেশ্বৰৰ বুলি দাবী কৰাৰ পিছতে গাত খান্দি উলিওৱা হৈছিল মৃতদেহটো । ডিএনএ টেষ্টৰ বাবে গুৱাহাটীৰ জি এম চি এইচ মৰ্গলৈ পঠোৱা হৈছিল মৃতদেহটো । ডি এন এ টেষ্ট সম্পন্ন হোৱাৰ পিছত আৰক্ষীয়ে কেনাৰাম বসুমতাৰী বুলি কোৱা লোকজন ডিম্বেশ্বৰ মুছাহাৰী অৰ্থাৎ মৃতদেহটো ডিম্বেশ্বৰ মুছাহাৰীৰ বুলি নিশ্চিত হয় (Rowta Police on Dimbeswar encounter) ৷
ইয়াৰ পিছতেই ডিম্বেশ্বৰ মুছাহাৰীৰ মৃতদেহটো বাক্সাৰ জেংৰেংপাৰাৰ নিজ গৃহলৈ শনিবাৰে লৈ অনা হয় । নশ্বৰ দেহটো নিজ গৃহ আহি পোৱাৰ পিছতেই এক শোকাকুল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয় । উল্লেখ্য যে, আৰক্ষীৰ এনকাউণ্টাৰত প্ৰাণ হেৰুওৱা ডিম্বেশ্বৰ মুছাহাৰীৰ পৰিয়ালে এই মৃত্যুৰ ন্যায় বিচাৰি শীঘ্ৰে আদালতৰ কাষ চাপিব বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৷ শনিবাৰৰ নিশা আত্মীয়-স্বজন তথা গাঁওৰ লোকৰ উপস্থিতিত শেষকৃত সম্পন্ন হয় ডিম্বেশ্বৰ মুছাহাৰীৰ (Funeral of Dimbeshwar Musahari) ৷ উল্লেখনীয় যে, সম্প্ৰতি সমগ্ৰ ঘটনাটো তদন্ত কৰি আছে চি আই ডিয়ে (CID investigate Rowta Encounter) ।
লগতে পঢ়ক : Scam in PM Kisan Nidhi: প্ৰধানমন্ত্ৰী কিষাণ নিধি আঁচনিৰ নামত ধন দাবী গাঁওবুঢ়াৰ; কেমেৰাত বন্দী দৃশ্য