আৰম্ভ হ'ল দিহিংচাং খাদ্য মেলা ২০২৩ - দিহিংচাং খাদ্য মেলা ২০২৩

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 31, 2023, 1:04 PM IST

ডিব্ৰুগড়,৩১ ডিচেম্বৰ: টিংখাঙত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ 'দিহিংচাং খাদ্য মেলা ২০২৩' । যাৰবাবে এতিয়া টিংখাঙৰ পানীবিল আৰু মাহমৰা আলিকিনাৰ মুগা চুমনি দিহিংচাং বহুমুখী মৎস্য পালন কেন্দ্ৰত নৱবৰ্ষৰ প্ৰাকক্ষণত এক উখল-মাখল পৰিৱেশ বিৰাজ কৰিছে । তিনিদিনীয়া কাৰ্যসূচীত বিভিন্ন জনগোষ্ঠীয় পৰম্পৰাগত খাদ্য সম্ভাৰেৰে আৰম্ভ হৈছে এই খাদ্য মেলা । ৩০ ডিচেম্বৰৰ পৰা ১ জানুৱাৰীলৈকে তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা এই থলুৱা খাদ্য মেলাৰ আনুষ্ঠানিকভাৱে দুয়োটা প্ৰকল্পস্থলী শুভাৰম্ভ কৰে টিংখাঙৰ বিধায়ক তথা মন্ত্ৰী বিমল বড়াই ।  

উল্লেখযোগ্য যে সমষ্টিটোৰ নিবনুৱা যুৱক-যুৱতীসকলৰ কৰ্ম-সংস্থাপনৰ উদ্দেশ্যে বিধায়ক বিমল বড়াৰ উদ্যোগত দিহিং আৰু দিচাং নদীৰ পৰিত্যক্ত এৰা সুঁতিত গ্ৰহণ কৰা 'দিহিংচাং বহুমুখী প্ৰকল্প' ই এতিয়া বহু নিৱনুৱাৰ মুখলৈ হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে । উক্ত আঁচনিৰ অন্তৰ্গত কেৱল বৰবাম পঞ্চায়তৰ অন্তৰ্গত পানীবিল মৎস্য পালন কেন্দ্ৰতে মীন পালনৰ যোগেদি কৰ্ম-সংস্থাপন লাভ কৰিছে প্ৰায় ১২০ জন শিক্ষিত নিবনুৱা যুৱকে । ভৱিষ্যতে দিহিংচাং প্ৰকল্পৰ যোগেদি মীন, কৃষি, বয়ন শিল্প আদিৰ দিশত ন-ন আঁচনি গ্ৰহণ কৰি বহু নিবনুৱা যুৱক-যুৱতীক কৰ্ম-সংস্থাপন দিয়াৰ পৰিকল্পনাৰ কথা উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । 

লগতে পঢ়ক: আলফাৰ শান্তি চুক্তিত ৰাজনৈতিক বিষয়ে স্থান নোপোৱাটো দুৰ্ভাগ্যজনক : পলাশ চাংমাই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.