Maoists surrendered: 9 আত্মসমৰ্পনকাৰী মাওবাদী সন্দৰ্ভত ডিব্ৰুগড় এছ পিৰ প্ৰতিক্ৰিয়া - 9 Maoists surrendered in Dibrugarh

🎬 Watch Now: Feature Video

thumbnail

By

Published : Nov 18, 2022, 6:58 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

ডিব্ৰুগড়ত আটকাধীন ৯ মাওবাদীৰ সম্পৰ্কে প্ৰতিক্ৰিয়া আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰৰ (Maoists surrendered in Dibrugarh) ৷ নিজকে মাওবাদীৰে সম্পৰ্ক থকা বুলি দাবী কৰি ডিব্ৰুগড় সদৰ থানাত আত্মসমৰ্পণ ৯ জন লোকৰ (Maoists in Assam) । বৃহস্পতিবাৰে সন্ধিয়া চি আৰ পি এফ আৰু ডিব্ৰুগড় আৰক্ষীৰ উপস্থিতিত আত্মসমৰ্পণ কৰে ৯ মাওবাদীয়ে (9 Maoists surrendered in Dibrugarh)৷ আনহাতে আত্মসমৰ্পণকাৰী ৯ জনৰ মাওবাদীৰে সম্পৰ্ক থকা বিষয়টো সত্যাসত্য নিৰূপণৰ পিছতে আজি ডিব্ৰুগড় আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰই তেওঁলোকৰ মাওবাদীৰে সম্পৰ্ক থকাৰ কথা প্ৰকাশ কৰে । ২০১৭ চনতে মাওবাদীৰ সম্পৰ্কলৈ আহিছিল আত্মসমৰ্পণকাৰী লোককেইজন । আত্মসমৰ্পণকাৰী সকলৰ ভিতৰত নাহৰকটীয়াৰ অজয় চাবাৰ, টীয়কৰ ভাৰত তাঁতী, ৰাজগড়ৰ অমিত মুৰাৰী, নামৰূপৰ অমিত সিং ৰাওটা, টিংখাঙৰ মোহন মুৰাৰী, টিংখাঙৰ অজিত ওৰাং, নাহৰকটীয়াৰ দিপেন মানকি, মৰিয়নিৰ বিপুল তাঁতী, টিংখাঙৰ মিন্টু ভূূমিজ ।
Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.