MLA Prasanta Phukan hospitalized:জ্যেষ্ঠ বিধায়ক প্ৰশান্ত ফুকন চিকিৎসাধীন
🎬 Watch Now: Feature Video
গুৱাহাটী, ৩১ জুলাই : জ্যেষ্ঠ বিধায়ক প্ৰশান্ত ফুকন চিকিৎসাধীন । অত্যন্ত জ্বৰত ভুগি থকাৰ বাবে ডিব্ৰুগড় সমষ্টিৰ বিধায়কগৰাকীক ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত । দিনৰ প্ৰায় ১১ বজাত জ্যেষ্ঠ বিধায়ক প্ৰশান্ত ফুকনক ভৰ্তি কৰোৱা হৈছিল হেল্থ চিটি হাস্পতালত । প্ৰাথমিক চিকিৎসাৰ অন্তত বিধায়কগৰাকীৰ Seasonal flu হৈছে বুলি সন্দেহ কৰিছে চিকিৎসকসকলে ।
ইতিমধ্যে প্ৰশান্ত ফুকনৰ সকলো ধৰণৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা হৈছে । উক্ত পৰীক্ষাৰ ৰিপৰ্টসমূহ আহিলেহে গম পোৱা যাব তেওঁৰ ৰোগৰ প্ৰকৃত কাৰণ কি ? ডা: ব্ৰজেন লহকৰৰ নেতৃত্বত ছয়জনীয়া চিকিৎসকৰ এটি দলে চিকিৎসা প্ৰদান কৰি আছে বিধায়কগৰাকীক । বৰ্তমানে তেওঁৰ স্বাস্থ্যৰ অৱস্থা সুস্থ বুলি জানিবলৈ দিছে চিকিৎসকে ।