ঐশ্বৰ্য্য জীৱন বৰুৱাৰ নিলম্বনক আদৰণি আছু কৰ্মীৰ

By ETV Bharat Assamese Team

Published : Dec 2, 2023, 1:40 PM IST

thumbnail

ডিব্ৰুগড়, 2 ডিচেম্বৰ: ডিব্ৰুগড়ত শ্বহীদ বেদীৰ ওপৰত বুট জোতাৰে গচকি শ্বহীদক অপমান কৰাৰ লগতে আছু কৰ্মীক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰা সেই সময়ৰ ৰাজপত্ৰিত বিষয়া ঐশ্বৰ্য্য জীৱন বৰুৱাৰ নিলম্বনৰ খবৰে আনন্দিত কৰিছে ডিব্ৰুগড় আছুৰ বিষয়ববীয়াসকলক ৷ উল্লেখ্য যে, 2021 চনত ডিব্ৰুগড় আৰক্ষীৰ উপ-অধীক্ষক হিচাপে কৰ্মৰত আছিল ঐশ্বৰ্য্য জীৱন বৰুৱা । জিলাখনৰ এখন মহাবিদ্যালয়ত দুটা ছাত্ৰ ফৈদৰ মাজত নিৰ্বাচনকেন্দ্ৰিক সংঘাত হোৱাৰ পাছতে কোনোধৰণৰ বিচাৰ বিবেচনা নকৰাকৈ ডিব্ৰুগড় আছু কাৰ্যালয়ত প্ৰৱেশ কৰি ছাত্ৰ সন্থাৰ কৰ্মীসকলক এফালৰ পৰা গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰি গোটেই নিশা থানাত ভৰাই ৰখা হৈছিল ডিব্ৰুগড় আৰক্ষীৰ উপ-অধীক্ষকৰ নিৰ্দেশত । 

আনকি, ইমানতে ক্ষান্ত নাথাকি শ্বহীদ বেদীৰ ওপৰত বুট জোতাৰে গচকি শ্বহীদক অপমান কৰাৰো অভিযোগ উত্থাপন হৈছিল ঐশ্বৰ্য্য জীৱন বৰুৱাৰ বিৰুদ্ধে । এইগৰাকী বিষয়াৰ বিৰুদ্ধে সেই সময়ত ডিব্ৰুগড় আছুৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু শেহতীয়াকৈ এ পি এছ চি কেলেংকাৰী গোচৰ সন্দৰ্ভত ঐশ্বৰ্য্য জীৱন বৰুৱাক চাকৰিৰ পৰা নিলম্বিত কৰাৰ খবৰ লাভ কৰাৰ পিছতে ডিব্ৰুগড় আছু কৰ্মীৰ মাজত আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে । 

লগতে পঢ়ক: ছাহজাহান সৰকাৰ-ঐশ্বৰ্য জীৱন বৰুৱাক পাঁচদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.