ৰাহুল গান্ধী, সাংসদ ধীৰজ চাহুৰ পুত্তলিকা দাহ কৰি ধুবুৰীত বিজেপিৰ প্ৰতিবাদ - সাংসদ ধীৰজ চাহুৰ পুত্তোলিকা দাহ
🎬 Watch Now: Feature Video


Published : Dec 10, 2023, 7:20 AM IST
ধুবুৰী, 10 ডিচেম্বৰ : প্ৰতিবাদত উত্তাল হ’ল ধুবুৰী ৷ এইবাৰ ধুবুৰীত বিজেপিয়ে সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী ৷ ঝাৰখণ্ডৰ কংগ্ৰেছ সাংসদ ধীৰজ চাহুৰ ঘৰত তিনিশ কোটি টকা উদ্ধাৰ হোৱাৰ পিচতেই শনিবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলা বিজেপিয়ে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷
শনিবাৰে বিজেপিৰ জিলা কাৰ্যালয়ৰ পৰা বাহিৰ কৰা হয় এই প্ৰতিবাদী সমদল ৷ তাৰ পাচত ধুবুৰী চক বজাৰত উপস্থিত হৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু সাংসদ ধীৰজ চাহুৰ পুত্তলিকা দাহ কৰে প্ৰতিবাদকাৰীসকলে ৷ লগতে কংগ্ৰেছ বিৰোধী বিভিন্ন শ্ল’গান দি উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে প্ৰতিবাদী বিজেপি কৰ্মীসকলে ৷
ইপিনে পুত্তলিকা দাহ কৰাৰ সময়তে কেইজনমান আৰক্ষীৰ লোকে বাধা দিবলৈ চেষ্টা কৰে ৷ তেনে সময়তে বিজেপি কৰ্মীসকলৰ সৈতে আৰক্ষীৰ হয় ঠেলা হেঁচা । বিজেপি কৰ্মীৰ দ্বাৰা বাধাৰ সন্মুখীন হৈ আৰক্ষী একপ্ৰকাৰ অসহায় হৈ পৰা পৰিলক্ষিত হয় । এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে বিজেপিয়ে ।
লগতে পঢ়ক : তেওঁলোকক শাসন লাগে শোষণৰ বাবে: ভৱেশ কলিতা