thumbnail

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 3:53 PM IST

ETV Bharat / Videos

Self reliant with barber Business : নাপিত বৃত্তিৰে স্বাৱলম্বিতাৰ নিৰ্দশন ধেমাজিৰ যুৱকৰ

ধেমাজি , 31 আগষ্ট : কামৰ সৰু বৰ নাই ৷ লাগে মাথোঁ প্ৰবল ইচ্ছা শক্তি আৰু এটা শুদ্ধ মন ৷ ধেমাজি মাছখোৱা অঞ্চলৰ কেইবাগৰাকী শিক্ষিত যুৱকে চৰকাৰী আঁচনি আৰু চৰকাৰী চাকৰিলৈ বাট নাচাই নিজে মুকলি কৰি লৈছে স্বাৱলম্বিতাৰ বাট ৷

মাছখোৱা চাৰিআলিত গঢ় লৈ উঠিছে এখনৰ পিচত আন এখন অসমীয়া যুৱকৰ চেলুন । অঞ্চলটোৰ মিন্টু, বিশ্বজ্যোতি গগৈ, ৰোহিনী সোণোৱাল, হেমন্ত সোণোৱাল আদিয়ে অসম চেলুন, মিন্টু চেলুন আদি নামাকৰণ দি নাপিত বৃত্তিৰে দেখুৱাইছে স্বাৱলম্বিতাৰ নিৰ্দশন ৷

তেওঁলোকে মতে, অসমত থাকি একাংশ অসমীয়া যুৱকে এই কাম কৰিবলৈ লজ্জাবোধ কৰে ৷ কিন্তু বহিঃৰাজ্যলৈ গৈ ইয়াতকৈ নিকৃষ্ট কাম কৰিছে ৷ কামৰ সৰু বৰ নাই । মাত্ৰ কামটো হ’ব লাগে ভাল ৷ অসৎ পন্থা অৱলম্বন কৰি অধিক উপাৰ্জন কৰা ধনতকৈ সততাৰে কাম কৰি আয় কৰা সামান্য ধনেই হৈছে সৰ্বোত্তম ৷

তেওঁলোকে জানিব দিয়া মতে, চেলুন ব্যৱসায়ৰ জৰিয়তে যুৱক কেইজনে দৈনিক ৫ শৰ পৰা হাজাৰ টকা পৰ্যন্ত আয় কৰে ৷ এনে ক্ষেত্ৰত অনায়াসে এটা সৰু পৰিয়াল সুন্দৰকৈ চলাবলৈ সক্ষম হৈছে যুৱককেইজনে ৷

লগতে পঢ়ক : Self reliant with farming: পিতৃৰ স্মৃতি জীয়াই ৰাখিবলৈ কৃষিকৰ্মত মনোনিৱেশ এজন অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.