Honey Bee Farming: সৰিয়হ খেতিৰ সমান্তৰালকৈ মৌ পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন দুগৰাকী কৃষকৰ

🎬 Watch Now: Feature Video

thumbnail

ধেমাজি, 17 ফেব্ৰুৱাৰী: ‘‘পথাৰো আমাৰ, বজাৰো আমাৰ, কম মাটিতে দুগুণ আয়’’ এই লক্ষ্য আগত ৰাখিয়েই ধেমাজিৰ দুগৰাকী কৃষকে দেখুৱাইছে স্বাৱলম্বিতাৰ এক অনন্য নিদৰ্শন ৷ ধেমাজিৰ মাটিখোলা গাঁৱৰ প্ৰগতিশীল কৃষক মোলান ভূঞাই আৰু ধেমাজি কমাৰ গাঁৱৰ কৃষক ডিম্বেশ্বৰ হাজৰিকাই মৌ পালনৰ জৰিয়তে বাছি লৈছে স্বাৱলম্বিতাৰ পথ ৷ কেৱল মৌ পালনেই নহয়, এই দুগৰাকী কৃষকে মনোনিৱেশ কৰিছে বিভিন্ন কৃষি কাৰ্যত ৷ 

প্ৰগতিশীল কৃষক মোলান ভূঞাই প্ৰায় চল্লিশ বিঘা মাটিত কৰিছে সৰিয়হ খেতি (Mustard cultivation in Dhemaji) ৷ এই সৰিয়হ খেতিতেই থলুৱা প্ৰজাতিৰ মৌ পালনৰো ব্যৱস্থা কৰিছে মোলান ভূঞাই ৷ সৰিয়হ খেতিত মৌ পালনৰ বাকচ স্থাপন কৰি মৌ ৰস উৎপাদন কৰিবলৈ চেষ্টা কৰিছে মোলান ভূঞাই ৷ প্ৰথম অৱস্থাত মৌ পালনৰ পৰা কিমান আয় হ’ব সেই বিষয়ে জ্ঞাত নাছিল যদিও একাগ্ৰতা আৰু নিষ্ঠাৰে কৰিলে যিকোনো কামতেই যে সফলতা পোৱা যায় সেই কথাকে ভাবি মোলান ভূঞাই নিষ্ঠাৰে কৰি গৈছিল নিজৰ কৰ্ম ৷

তাৰ ফলস্বৰূপেই সৰিয়হ খেতিৰ লগতে মৌ পালন কৰিও দুগুণ লাভান্বিত হৈছে মোলান ভূঞা (Honey Bee Farming in Dhemaji) ৷ প্ৰতি সপ্তাহত মৌ ৰস উৎপাদন কৰি লাভৱান হৈছে উদ্যমী কৃষকগৰাকী ৷ ইফালে ধেমাজি কমাৰ গাঁৱৰ আন এগৰাকী কৃষক ডিম্বেশ্বৰ হাজৰিকায়ো কৃষি কাৰ্যৰ জৰিয়তে স্বাৱলম্বিতাৰ নিৰ্দশন দাঙি ধৰিছে ৷ প্ৰথম অৱস্থাত ডিম্বেশ্বৰ হাজৰিকাই নিজৰ বাৰীত পাণ, জালুক, জলকীয়া, কুঁহিয়াৰ আদি বিভিন্ন পাচলি আৰু উদ্যানমূলক শস্যৰ খেতি কৰিছিল ৷

কিন্তু পৰৱৰ্তী সময়ত উদ্যমী কৃষক মোলান ভূঞাৰ পৰা অনুপ্ৰাণিত হৈ মোলান ভূঞাৰ লগতে সৰিয়হ খেতিত মৌ পালনত মনোনিৱেশ কৰিছে ৷ মৌ পালন কৰি মোলান ভূঞাৰ দৰেই মৌ পালনত সফলতা লাভ কৰিব বুলি আশাবাদী ডিম্বেশ্বৰ হাজৰিকা (Farmers become self reliant by Honey Bee Farming) ৷

উল্লেখ্য যে, নিৰবিচ্ছিন্নভাৱে বিভিন্ন খেতি কৰি অঞ্চলটোৰ উঠি অহা বহু যুৱকক কৃষিৰ প্ৰশিক্ষণ দি উৎসাহিত কৰি আহিছে মোলান ভূঞাই । মৌ পালনৰ ওপৰত প্ৰশিক্ষণ লোৱা মোলান ভূঞাই সমন্বিত পদ্ধতিৰে থলুৱা জাতৰ মৌ সংগ্ৰহ কৰি মৌ পালন কৰি বহুতৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ কিন্তু এইক্ষেত্ৰত কৃষকগৰাকীয়ে চৰকাৰৰ কৃষি বিভাগৰ পৰ্যাপ্ত পৰিমাণৰ সহায় সহযোগ নোপোৱা বুলিও মন্তব্য কৰে ৷

কৃষি বিভাগৰ গ্ৰামসেৱকৰ কৃষকৰ পথাৰ পৰিদৰ্শন কৰিবলৈ আজৰি নাই বুলি খেদ প্ৰকাশ কৰে মোলান ভূঞাই ৷ একেদৰে ডিম্বেশ্বৰ হাজৰিকাইয়ো বিবিধ খেতি কৰাৰ লগতে এইবাৰ মোলান ভূঞাৰ লগত সৰিয়হ খেতিৰ লগত মৌ পালন কৰি লাভান্বিত হ’ব বুলি আশা প্ৰকাশ কৰিছে ৷ লগতে প্ৰকৃত কৃষকক সংশ্লিষ্ট বিভাগে সুবিধা প্ৰদান নকৰে বুলিও সমালোচনা কৰে কৃষি বিভাগকক ৷ 

লগতে পঢ়ক: Assam silk worm: আন্তঃৰাষ্ট্ৰীয় বজাৰত সমাদৰ লাভ অসমৰ এৰী পলুৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.