thumbnail

By ETV Bharat Assamese Team

Published : Oct 17, 2023, 9:15 PM IST

ETV Bharat / Videos

BJP Joining Program: ধৰ্ম পদুমৰ প্ৰেমত পৰিল

গুৱাহাটী,17 অক্টোবৰ: যোৱা সময়চোৱাত চৰকাৰ বিৰোধী স্থিতিৰে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম নামৰ সংগঠন এটা খুলি সততে প্ৰচাৰ মাধ্যমত গুৰুত্ব লাভ কৰি অহা ধৰ্মকান্ত গগৈয়ে অৱশেষত নেগুৰ পেলালে ৷ সচেতন নাগৰিক হিচাপে ৰাইজৰ আগত নিজকে জাহিৰ কৰা ধৰ্মকান্তৰ গগৈৰ ওলাল আচল স্বৰূপ ৷

উল্লেখ্য যে, বিগত সময়ত বিজেপি চৰকাৰক সমালোচনাৰে থকা-সৰকা কৰা গগৈয়ে আজি বিজেপিৰ ওচৰত আত্মসমৰ্পণ কৰিলে ৷ কেইমাহ মানৰ ভিতৰতে ধৰ্মই হঠাৎ স্থিতি সলনি কৰি বিজেপিত যোগ দিলে ৷ ইফালে ৰাজনীতিৰ পথাৰলৈ অহাৰ পূৰ্বে ধৰ্মকান্ত গগৈ ‘‘ডলাৰ বগৰীৰ দৰে বাগৰি ফুৰিছিল’’ বিভিন্ন দল-সংগঠনত ৷

সেয়ে অৰাজনৈতিক পথাৰত ভৰি দি ৰাজনৈতিক সুবিধালৈ যেন ডিঙি মেলি চাই আছিল ধৰ্মই ৷ সময়ৰ লগত নিজকে খাপ খুৱাবলৈ শেহতীয়াকৈ অসমীয়া যুৱমঞ্চৰ পৰা পদত্যাগ কৰা বুলি সামাজিক মাধ্যমত আপডেট দি আজি বিজেপিত যোগদান কৰিলে ৷ যেন প্ৰতিবাদৰে গা-লৰাব নোৱৰা বা সমালোচনালৈ ভ্ৰূক্ষেপ নকৰা বিজেপিৰ ওচৰতে অৱশেষত নেগুৰ পেলালে ধৰ্মই ৷

এসময়ত শিক্ষা মন্ত্ৰীৰ পদটোৰ বিলুপ্তি ঘটাবলৈ কোৱা ধৰ্মৰ এতিয়া সপোন মন্ত্ৰী হোৱা নেকি ! আনহাতে ৰাষ্ট্ৰীয় দলত যোগদান কৰি অতি অসমীয়াৰ পৰা অতি হিন্দুত্ববাদী হ’ব নেকি ধৰ্মকান্ত ৷ 

আনহাতে মঙলবাৰে বিজেপিত বিভিন্ন দল-সংগঠনৰ 33 জন নেতাৰ যোগদানে বিজেপি দলক অধিক শক্তিশালী কৰিলে বুলি উল্লেখ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৷ 

লগতে পঢ়ক;BJP State President React: পাৰে যদি কংগ্ৰেছে গুৱাহাটীত জিকি দেখুৱাওঁক: ভৱেশ কলিতাৰ চেলেঞ্জ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.