DGP GP Singh: কৰিমগঞ্জ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানক প্ৰশংসা জি পি সিঙৰ

By

Published : Jul 26, 2023, 9:29 AM IST

thumbnail

কৰিমগঞ্জ, 26 জুলাই : কৰিমগঞ্জত উপস্থিত অসম আৰক্ষী সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিং ৷ কৰিমগঞ্জৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হৈ ডিজিপি জিপি সিঙে কৰিমগঞ্জ আৰক্ষীৰ কামৰ শলাগ লয় সংবাদ মাধ্যমৰ সমুখত ৷ কৰিমগঞ্জ আৰক্ষীয়ে যোৱা কেইমাহমানৰ ভিতৰত 10 লাখ য়াবা টেবলেট আৰু 13 কেজি হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হৈছে বুলি কৰিমগঞ্জ জিলা আৰক্ষীৰ সফলতাৰ কথা উল্লেখ কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে । 

সীমান্ত জিলা আৰক্ষীৰ এই সফলতাক আদৰণি জনাই অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে আৰক্ষী জোৱানসকলক উৎসাহিত কৰে । পোন প্ৰথমবাৰৰ বাবে কৰিমগঞ্জত উপস্থিত হয় আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকী । কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম দাস আৰু ডি আই জি কংকনজ্যোতি শইকীয়াৰ সৈতে ডি জি পি সিঙে ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতিৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনাত মিলিত হয় ।

লগতে পঢ়ক : Woman body found: নৈৰ পাৰত উদ্ধাৰ সীমা বিশ্বাসৰ মৃতদেহ, স্বামীৰ পৰিয়াললৈ সন্দেহৰ আঙুলি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.