Habung Ho Phie: মাঘৰ পহিলা দিনটোত ধেমাজিৰ ঐতিহাসিক হাবুঙত অলেখ ভক্তৰ ভিৰ

By

Published : Jan 17, 2023, 7:10 AM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

ধেমাজিৰ জিলাৰ উপাসনা আৰু পৰ্যটনৰ অন্যতম এটি স্থান হ’ল হাবুং । স্বৰ্গদেউ চ্যু-কা-ফাৰ স্মৃতি বিজড়িত আহোমৰ দ্বিতীয় ৰাজধানী হিচাপে হাবুঙক জনা যায় ৷ বৰ্তমান চৰকাৰ, পৰিচালনাৰ সমিতি আৰু শুভাকাংক্ষীৰ প্ৰচেষ্টাত হাবুঙে ন ৰূপত প্ৰাণ পাই উঠিছে । অসম চৰকাৰৰ সহযোগত হাবুঙৰ টাই ভেটিত থকা ৰাজধানীৰ মৈদাম, পুখুৰী আৰু গড় সমূহ সংৰক্ষণ কৰি ৰু'এন চাও ছেঙ (পৰম্পৰাগত দেউশাল) স্থাপন কৰা হয় ।

প্ৰতিবছৰৰ দৰে এইবাৰো মাঘৰ পহিলা দিনটোতে ধেমাজিৰ এই ঐতিহাসিক স্থান হাবুঙত দেখা গ’ল অলেখ ভক্তৰ ভিৰ (Habung Ho Phie in Dhemaji) ৷ অগনন ভক্তই আহি হাতে হাতে চাকি বন্তি লৈ ৰু'এন চাও ছেঙক সেৱা কৰাৰ লগতে একাংশ ভক্তই কুকুৰা আৰু পানীয় সাঁজ নৈবদ্য হিচাপে আগবঢ়াই উপাসনা কৰে (Devotees throng the Habung) ৷ 

আকৌ একাংশ ভক্তই হাবুং ক্ষেত্ৰতে পৰিয়ালৰ লোকৰ সৈতে ৰান্ধি বাঢ়ি এসাজ আহাৰ গ্ৰহণ কৰে (Ahom Capital Habung) ৷ ইপিনে ভক্তৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি হাবুং উন্নয়ন পৰিচালনা সমিতিয়ে পৰ্যটন ক্ষেত্ৰখনৰ স্বচ্ছতাৰ দিশটোৰ ওপৰত লক্ষ্য ৰাখি চাফ চাফাই বৰ্তাই ৰাখিবলৈ মাইক যোগে সকলোকে অহৰহ জনাই গ’ল আহ্বান (Habung the second Capital of Ahom kingdom) ৷

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.