First Shravan Sombar: শাওনৰ প্ৰথমটো সোমবাৰত মহাভৈৰৱ মন্দিৰত ভক্তৰ ভিৰ

By

Published : Jul 18, 2022, 2:18 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail
আজি শাওন মাহৰ প্ৰথমটো সোমবাৰ(First Monday of Sawan) । ৰাজ্যৰ শিৱমন্দিৰসমূহত দেখা গৈছে অগনন ভক্তৰ ভিৰ (Devotees throng Shiv temples) । এছিয়াৰ প্ৰসিদ্ধ দ্বিতীয় বৃহৎ শিৱ লিঙ্গ হিচাপে খ্যাত তেজপুৰ মহাভৈৰৱ মন্দিৰতো যথেষ্টসংখ্যক ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে । প্রচণ্ড ৰ'দৰ মাজতে ভক্তসকলে পুৱতি নিশাৰ পৰা শাৰী পাতি দেৱাদিদেৱ মহাদেৱৰ পূজা অৰ্চনা কৰিবলৈ অপেক্ষা কৰা দেখিবলৈ পোৱা গৈছে । তেজপুৰ মহাভৈৰৱ মন্দিৰ বান ৰজাই তেওঁৰ ৰাজত্বৰ সময়ত স্থাপন কৰিছিল । তেওঁৰ ৰাজধানী চাৰিদুৱাৰৰ পৰা জীয়া ভৰলী নদীয়েদি নৌকাৰে আহি নিতৌ পূজা অৰ্চনা কৰিছিল । এই সন্দৰ্ভত তেজপুৰৰ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ এক প্ৰতিবেদন চাও আহক ।
Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.