thumbnail

By ETV Bharat Assamese Team

Published : Dec 9, 2023, 4:29 PM IST

ETV Bharat / Videos

বিধ্বস্ত পথৰ বাবে বিপদত জহিং অঞ্চলবাসী

লখিমপুৰ,৯ ডিচেম্বৰ: লখিমপুৰ নগৰৰ নাতি দুৰৈত অসম অৰুণাচল সীমান্তৱৰ্তী এক গুৰুত্বপূৰ্ণ অঞ্চল হল জহিং অঞ্চল । জহিঙৰ মূল ব্যৱসায়িক কেন্দ্রস্থলৰ কাষতে আছে ৰাজ্যৰ দ্বিতীয়খন পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় । তাৰোপৰি কেইবাখনো চাহ বাগিচা, শিক্ষানুষ্ঠানকে ধৰি বহু অনুষ্ঠান সিঁচৰতি হৈ আছে অঞ্চলটোত । অঞ্চলটোৰ একাংশ বাট-পথৰ উন্নয়ন হলেও লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ পৰা জহিঙৰ মূল ব্যৱসায়িক কেন্দ্রস্থললৈ যোৱা পথটো দীৰ্ঘদিন ধৰি বিধ্বস্ত ৰূপত আছে ।  

ওখোৰা-মোখোৰা গাঁতেৰে ভৰা পথচোৱাই ৰাইজক জ্বলা-কলা খুৱাই আহিছে । সংশ্লিষ্ট বিভাগে এই লৈ গুৰুত্ব নিদিয়াৰ বাবে যান-বাহন চলাচল কৰাৰ পৰা পথচাৰীলৈ সকলোৱে যমৰ যাতনা ভূগি আহিবলগীয়া হৈছে । ৰাজ্যৰ ভিতৰতে দ্বিতীয় স্থানত থকা অনুষ্ঠান থকাৰ পাছতো পথটোৰ উন্নয়ন নকৰাত ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে । ৰাইজে জিলাৰ আয়ুক্ত আৰু স্থানীয় বিধায়কক এই পথচোৱা পৰিদৰ্শন কৰি ব্যবস্থা গ্রহণ কৰিবলৈ আহ্বান জনাইছে ।  

লগতে পঢ়ক: জৰাজীৰ্ণ পথে জ্বলা-কলা খুৱাইছে সাধাৰণ জনতাক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.