Devastating storm at Dhansiri: নাহৰণিত নিশা প্ৰচণ্ড ধুমুহা; ভাঙিলে বহুতৰে ঘৰ, উৰুৱালে ঘৰৰ টিনপাত - Devastating storm at Dhansiri
🎬 Watch Now: Feature Video


Published : Sep 25, 2023, 10:04 AM IST
সৰুপথাৰৰ, 25 ছেপ্টেম্বৰ : যোৱা নিশা এজাক ধুমুহাই জোকাৰি গ’ল ধনশিৰি মহকুমা । হঠাত অহা ধুমুহা-বৰষুণে তচ-নচ কৰিলে সৰুপথাৰৰ নাহৰণি গাঁও । ধনশিৰি মহকুমাৰ সৰুপথাৰৰ নাহৰণিত এইজাক ধুমুহাৰ ফলত বিস্তৰ ক্ষতিসাধন হয় ৷ বিশেষকৈ নাহৰণি গাঁৱৰ লগতে টেঙাহোলা গাঁৱৰ কেইবা ঘৰ লোকৰ বহু অনিষ্ট হয় ৷
স্থানীয় লোক উল্লেখ কৰা অনুসৰি, দেওবাৰে নিশা অহা বতাহ-ধুমুহাৰ ফলত নাহৰণি আৰু টেঙাহোলা গাঁৱৰ কেইবা ঘৰ মানুহৰ ঘৰৰ টিনপাত উৰুৱাই নিয়ে । আনকি ধুমুহাৰ ফলত 1 নং টেঙাহোলা প্ৰাথমিক বিদ্যালয়ৰ গৃহৰ ওপৰত এডাল ডাঙৰ গছ উভালি পৰে ৷ ফলত মধ্য ইংৰাজী বিদ্যালয়খনৰো বিস্তৰ ক্ষতিসাধন হয় ।
আনকি এই ধুমুহাজাকৰ ফলত বিদ্যুতৰ তাঁৰো ছিগি যায় ৷ ফলত অঞ্চলটোত বৰ্তমান পৰ্যন্ত অঞ্চলটোত বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ আছে ।
লগতে পঢ়ক : Decoit arrested with pistol: ধাবাত বহি ডকাইতিৰ পৰিকল্পনা কৰি থাকোতেই আটক দুই দুৰ্ধৰ্ষ ডকাইত শ্বৰিফুল-ছহিদুল