ATTSA protest against Assam Govt : ৰাজ্য চৰকাৰৰ বিৰুদ্ধে দেৰগাঁৱত বাগিছাই বাগিছাই আটছাৰ প্ৰতিবাদ - চাহ জনগোষ্ঠী সমাজ ৰোষত
🎬 Watch Now: Feature Video


Published : Sep 16, 2023, 2:07 PM IST
যোৰহাট, 16 ছেপ্টেম্বৰ : বৃহত্তৰ চাহ জনগোষ্ঠী সমাজ ৰোষত এতিয়া হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ । ৰাজ্য চৰকাৰে গ্ৰহণ কৰাৰ এক সিদ্ধান্তই এতিয়া ক্ষুভিত কৰি তুলিছে চাহ জনগোষ্ঠীয় সমাজক । কাৰণ কৰম পূজাৰ বন্ধৰ নামত ৰাজ্য চৰকাৰে চাহ শ্ৰমিক সমাজক চৰম অপমান কৰাৰ অভিযোগত উত্থাপন কৰিছে চাহ জনগোষ্ঠীয় সমাজে ৷ সেয়ে শনিবাৰে দেৰগাঁৱত বাগিছাই বাগিছাই ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰা হয় প্ৰতিবাদ ।
কৰম পূজা উপলক্ষে চৰকাৰী বন্ধ দিয়াৰ বিপৰীতে বাগিছাসমূহৰ শ্ৰমিকসকলক মাধমাৰহে দিয়াৰ অভিযোগ উত্থাপন হৈছে । চৰকাৰী নিৰ্দেশনা অনুসৰি, উক্ত দিনা বাগিছাৰ কাম-কাজ বন্ধ কৰাৰ নিৰ্দেশ দিছে যদিও কৰম পূজাৰ দিনটোৰ পৰিৱৰ্তে কোনো এটা বন্ধ দিনত কাম কৰিব লাগিব শ্ৰমিকসকলে ।
অন্যথা এটা দিনৰ মজুৰি নাপাব শ্ৰমিকসকলে । সেয়েহে চাহ জনগোষ্ঠীৰ লোকসকলে আটছাৰ উদ্যোগত নেঘেৰিটিং চাহ বাগিচাত চৰকাৰে গ্ৰহণ কৰা জনগোষ্ঠী বিৰোধীৰ সিদ্ধান্ত বিৰুদ্ধে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰি অচল কৰি দিয়ে বাগিচা কাম কাজ ।
আটছা আৰু চাহ শ্ৰমিকসকলে চৰকাৰ বিৰোধী শ্ল’গানেৰে বাগিচা ভিতৰ বাহিৰ পৰিৱেশ উত্তাল কৰি তোলে । অতি শীঘ্ৰেই চৰকাৰৰ হঠকাৰী সিদ্ধান্ত বাতিল কৰাৰ হুংকাৰ চাহ শ্ৰমিকসকলৰ লগতে দেৰগাঁও শাখা আটছাৰ সমিতিৰ ।
লগতে পঢ়ক : NIT student commits suicide : NIT ত ছাত্ৰৰ আত্মহত্যা; সতীৰ্থৰ ওপৰত আৰক্ষীৰ লাঠি চাৰ্জ