Deer rescued in Jorhat: ব্যক্তিগতভাৱে গঢ়ি তোলা বনাঞ্চলৰ হৰিণা গতালে বন বিভাগক

By

Published : Jul 2, 2023, 9:04 PM IST

thumbnail

যোৰহাট, ২ জুলাই: যোৰহাটত এগৰাকী প্ৰকৃতিপ্ৰেমীৰ অনন্য নিদৰ্শন । চোৰাং চিকাৰী পৰা বন্যপ্ৰাণীক ৰক্ষাৰ বাবে ব্যক্তিগত ভাবে গঢ়ি তুলিলে এখন বনাঞ্চল । যোৰহাট নগৰ পৰাৰ ২৫ কিলোমিটাৰ নিলগৰ পশ্চিম যোৰহাট ওপৰ গৰুমৰাৰ মাজুলী গাঁৱত প্ৰকৃতিপ্ৰেমী দেহ বৰাই একক প্ৰচেষ্টাত ২০ বিঘাৰ অধিক ভুমিক সামৰি গঢ়ি তোলা বনাঞ্চলত থকা এজনী হৰিণা উদ্ধাৰ কৰি বনবিভাগক গতাই দিয়ে ।

কাৰণ দেহ বৰাৰ বনাঞ্চলখনৰ চৌপাশে আছে চোৰাং-চিকাৰী, সেয়েহে চোৰাং-চিকাৰীৰ আক্ৰমণৰ বলি হোৱা শংকাতে এই পদক্ষেপ গ্ৰহণ কৰে প্ৰকৃতিপ্ৰেমী লোকজনে ।

উল্লেখ্য যে, প্ৰকৃতিপ্ৰেমী দেহ বৰা বনাঞ্চলখনত পহু, হৰিণা, মেচেকা, বান্দৰ, শিয়াল আদি লগতে বিভিন্ন জীৱ জন্তু পোৱা যায় । উক্ত বনাঞ্চলখনত পশু পক্ষীৰ লগতে বিভিন্ন প্ৰজাতিৰ পখিলা বাবে পখিলাও সুলভ । লগতে কন কন শিশুৰ কাৰণে এখন বিশেষ ফলৰ উদ্যানো গঢ়ি তুলিছে এইগৰাকী প্ৰকৃতিপ্ৰেমী দেহ বৰাই ।

লগতে পঢ়ক: Assam govt in debt: পুনৰ এহাজাৰ কোটি টকাৰ ঋণ লোৱাৰ প্ৰস্তাৱ অসম চৰকাৰৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.