ETV Bharat / entertainment

ঘৰলৈ উভতিল ছৈফ আলী খান; কটকটীয়া নিৰাপত্তাৰ মাজত থাকিব ছোটে নৱাব - SAIF ALI KHAN DISCHARGED

১৫ জানুৱাৰীৰ পুৱতিনিশা অভিনেতাজনে ডকাইতিৰ চেষ্টা বিফল কৰিবলৈ চেষ্টা কৰি থকা অৱস্থাত দুষ্কৃতিকাৰীয়ে তেওঁক ছয়বাৰকৈ ছুৰীৰে আঘাত কৰে ।

SAIF ALI KHAN DISCHARGED
চিকিৎসালয়ৰ পৰা অব্যাহতি ছৈফ আলী খানক (ANI)
author img

By ETV Bharat Assamese Team

Published : Jan 21, 2025, 5:36 PM IST

হায়দৰাবাদ: মুম্বাইৰ বান্দ্ৰাস্থিত বাসগৃহত দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰা ৫ দিনৰ পাছত অভিনেতা ছৈফ আলী খানক মঙলবাৰে লীলাৱতী হাস্পতালৰ পৰা মুকলি কৰি দিয়া হয় । অভিনেতাগৰাকীক ঘৰতে জিৰণি ল’বলৈ পৰামৰ্শ দিয়া হৈছে । ইতিমধ্যে অভিনেতাজনৰ ঘৰৰ চাৰিওফালৰ নিৰাপত্তা অধিক শক্তিশালী কৰা হয় । সূত্ৰই জনোৱা মতে, এই হাই প্ৰফাইল গোচৰৰ তদন্ত অব্যাহত ৰখা মুম্বাই আৰক্ষীয়ে অভিনেতাগৰাকীৰ বান্দ্ৰাৰ বাসগৃহত উপস্থিত হোৱাৰ পিছত তেওঁৰ বক্তব্য ৰেকৰ্ডিং কৰে । ইয়াৰ পূৰ্বে মুম্বাই আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই অভিযুক্তক লগত লৈ সমগ্ৰ ঘটনাৰ পুনৰাবৃত্তি কৰিছিল ।

উল্লেখ্য যে, ১৫ জানুৱাৰীৰ পুৱতিনিশা প্ৰায় ২.৩০ বজাত পৰম্পৰাৰ অভিনেতাজনে ডকাইতিৰ চেষ্টা বিফল কৰিবলৈ চেষ্টা কৰি থকা অৱস্থাত দুষ্কৃতিকাৰীয়ে তেওঁক ছয়বাৰকৈ ছুৰীৰে আঘাত কৰে । এই আক্ৰমণত তেওঁৰ শৰীৰৰ কেইবাটাও স্থানত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল, যাৰবাবে চিকিৎসালয়ত জৰুৰী অস্ত্ৰোপচাৰ কৰিবলগীয়া হৈছিল ।

চিকিৎসকে জনোৱা মতে, ছৈফ আলী খানে শৰীৰৰ তিনিটা ঠাইত আঘাত পাইছিল । তেওঁৰ হাতত দুটা আৰু ডিঙিৰ সোঁফালে এটা আঘাত আৰু আটাইতকৈ গভীৰ ঘাঁটো পিঠিত, যিটো মেৰুদণ্ডত আছিল । তেওঁ পিঠিত আবদ্ধ হৈ আছিল আঢ়ৈ ইঞ্চিমান ছুৰীৰ টুকুৰা এটা । অস্ত্ৰোপচাৰৰ পিছত এই টুকুৰাটো আঁতৰাই দিয়া হয় । খানৰ অৱস্থা ক্ৰমান্বয়ে উন্নত হোৱাত ১৭ জানুৱাৰীত ইনটেনচিভ কেয়াৰ ইউনিট (আই চি ইউ)ৰ পৰা বিশেষ কোঠালৈ বদলি কৰা হয় ।

এই আক্ৰমণৰ ৭০ ঘণ্টাৰ ভিতৰত আৰক্ষীয়ে শ্ৰমিক ঠিকাদাৰৰ গোপন সূত্ৰৰ ভিত্তিত থানেৰ পৰা অভিযুক্ত মহম্মদ শ্বৰীফুল ইছলাম শ্বাহজাদ (৩০)ক গ্ৰেপ্তাৰ কৰে । অধিক তদন্তৰ অন্তত আৰক্ষীয়ে জানিব পাৰে যে শ্বাহজাদ এজন বাংলাদেশী অনুপ্ৰৱেশকাৰী যিয়ে প্ৰায় ৪ মাহ পূৰ্বে অবৈধভাৱে সীমান্ত পাৰ হৈছিল । চুৰি কৰাৰ উদ্দেশ্যেৰে ছাইফৰ ঘৰত সোমোৱাৰ আগতে তেওঁ হোটেলত কাম কৰিছিল ।

লগতে পঢ়ক: অভিনেতা ছৈফ আলী খানক ছবাৰকৈ চোকা অস্ত্ৰৰে হানিলে চোৰে

ৰঙাঘৰত সোমাল ছৈফ আলী খানক আক্ৰমণৰ অভিযোগত অভিযুক্তটো

কৰীণা কাপুৰ খানৰ ভাষ্য: আক্ৰমণাত্মক ৰূপত আছিল চোৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.