Dead body recovered: ৰহাত এটা পুখুৰীৰ কাষত মৃতদেহ উদ্ধাৰ - মৃতদেহ উদ্ধাৰ
🎬 Watch Now: Feature Video


Published : Sep 19, 2023, 4:26 PM IST
ৰহা, 19 ছেপ্টেম্বৰ : নগাঁও জিলাৰ ৰহাৰ পূৱ লাউফুলাবড়ীত মঙলবাৰে পুৱাই এটা মৃতদেহ উদ্ধাৰ কৰা হয় ৷ পথৰ কাষৰ এটা পুখুৰীত উদ্ধাৰ কৰা হয় মৃতদেহটো। মৃতদেহটো ৰহাৰ চাওবড়ীৰ পাপু বৰদলৈ (25) ৰ বুলি চিনাক্ত কৰা হৈছে। ইয়াৰোপৰি পুখুৰীৰ পাৰত উদ্ধাৰ কৰা হৈছে পাপুৰ AS 12 H 5306 নম্বৰৰ SZ বাইকখন।
জানিব পৰামতে, নিশা বিশ্বকৰ্মা পূজাৰ উপলক্ষে নাম চাবলৈ বুলি ঘৰৰ পৰা ওলাই আহিছিল পাপুৱে । কিন্তু নিশা ঘৰলৈ উভতাৰ পথতে দুৰ্ঘটনাত পতিত হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে । পৰৱৰ্তী সময়ত ৰহা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ SDRF ৰ সহযোগত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷ যুৱকজনৰ আকস্মিক মৃত্যুত শোঁকৰ ছাঁ পৰিছে অঞ্চলটোত।
লগতে পঢ়ক: Gold Smuggler arrested : গুৱাহাটীত চোৰাং সোণসহ গ্ৰেপ্তাৰ মহিলাকে ধৰি চাৰিজনক