Dead body recovered: পুনৰ মৃতদেহ উদ্ধাৰ, বৰশীত লাগিল অচিনাক্ত মৃতদেহ

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 7:48 PM IST

thumbnail

যোৰহাট, 8 ছেপ্টেম্বৰ : গোলাঘাট জিলাৰ দেৰগাঁও বিলত উদ্ধাৰ হৈছে ইটোৰ পিচত সিটোকৈ মৃতদেহ ৷ এইবাৰ বৰশীত লাগিল অচিনাক্ত মৃতদেহ ৷ দেৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত গেলাবিল নদীত শুকুৰবাৰে পুৱা এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ 

আজি পুৱা স্থানীয় মাছমৰীয়াই পতা বৰশীত এটা মৃতদেহ লাগি থকা অৱস্থাত প্ৰত্যক্ষ কৰি লগে লগে স্থানীয় ৰাইজে দেৰগাঁও আৰক্ষী থানাত অৱগত কৰে ৷ তাৰ ক্ষন্তেক পিচতেই অচিনাক্ত মৃতদেহটো স্থানীয় ৰাইজৰ সহযোগত দেৰগাঁও আৰক্ষীয়ে উদ্ধাৰ কৰে । মৃতদেহটো আনুমানিক ৫০ ৰ উৰ্দ্ধৰ পুৰুষৰ বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ যদিও এতিয়ালৈ মৃতদেহটোৰ পৰিচয় উদ্ধাৰ কৰিব পৰা হোৱা নাই ৷ 

মৃতদেহটো ক’ৰ পৰা কেনেকৈ আহি নৈৰ বুকুত উদ্ধাৰ হ’ল সেই সম্পৰ্কে এতিয়াও জানিব পৰা হোৱা নাই ৷ ঘটনা সম্পৰ্কে বৰ্তমান দেৰগাঁও আৰক্ষীয়ে জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে। এইয়া পৰিকল্পিত হত্যা নে আত্মহত্যা সেয়া আৰক্ষী তদন্তৰ পিচতহে স্পষ্ট হ’ব ৷  

লগতে পঢ়ক: CRPF Jawan death: চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা CRPF জোৱানক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.