Mysterious murder in Golaghat: হত্যাকাণ্ড সন্দৰ্ভত কেমেৰাৰ সমুখত অভিযুক্তৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি

By

Published : Feb 14, 2023, 12:33 PM IST

thumbnail

গোলাঘাট,14 ফেব্ৰুৱাৰী: কেমেৰাৰ সমুখত অভিযুক্তৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি ৷ সংবাদ মাধ্যমৰ কেমেৰাৰ আগত অভিযুক্তই বিৱৰি ক’লে কেনেকৈ সংঘটিত কৰিলে হত্যাকাণ্ড ৷ গোলাঘাট জিলাৰ ধলাগুৰিৰ মিৰিপথাৰত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড (Mysterious murder in Golaghat) । নবৌৱেক আৰু বোৱাৰীয়েকে মিলি হালোৱা এচাৰিৰে মৰিয়াই মৰিয়াই হত্যা কৰিলে নিজ দেওৰ/বৰজনাক (Daughters in law killed brother in law) । মৃত ব্যক্তিজনৰ নাম চেৰচিং পানিকা বুলি পৰিয়ালৰ সূত্ৰই জানিবলৈ দিয়ে ৷

দীৰ্ঘদিন ধৰি চেৰচিং পানিকাই মদ্যপান কৰি শাৰীৰিক আৰু মানসিকভাৱে পৰিয়ালটোৰ জীয়ৰী-বোৱাৰীসকলক অত্যাচাৰ কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকসকলে (Physically and mentally torturing the family) । প্ৰতি দিনে মদ্যপান কৰি পৰিয়ালটোৰ জীয়ৰী-বোৱাৰীৰ ওপৰত শাৰিৰীক তথা মানসিক আতিশয্য চলোৱা চেৰচিং পানিকাৰ অত্যাচাৰৰ পৰা আনকি ভতিজীও সাৰি যাব নোৱাৰে বুলি উল্লেখ কৰে চেৰচিং পানিকাৰ নবৌৱেকে ৷

সোমবাৰৰ নিশাও চেৰচিং পানিকাই মদ্যপান কৰি আহি অবৈধ কৰ্মত লিপ্ত হবলৈ চেষ্টা চলাওঁতেই পৰিয়ালটোৰ দুয়োগৰাকী বোৱাৰীয়ে পানিকাক আক্ৰমণ কৰে বুলি জানিবলৈ দিয়ে নবৌৱেক গীতা পানিকাই । নবৌৱেক আৰু বোৱাৰীয়েকৰ নাম ক্ৰমে গীতা পানিকা আৰু স্পনা পানিকা বুলি জানিবলৈ পৰা গৈছে ।

উল্লেখ্য যে, চেৰচিং পানিকাৰ পৰা সাৰি যাব পৰা নাছিল গাওঁখনৰ কোনো জীয়ৰী-বোৱাৰী ৷ নবৌৱেক আৰু বোৱাৰীয়েকৰ হাতত প্ৰাণ হেৰুওৱা চেৰচিং পানিকাই অসৎ চৰিতাৰ্থ পূৰণ কৰিবলৈ প্ৰতি মুহূৰ্ততে সুযোগ বিচাৰি ফুৰিছিল বুলি উল্লেখ কৰে পৰিয়ালটোৱে ৷ ঘটনাস্থলীত নুমলীগড়ৰ আৰক্ষী উপস্থিত হৈ হত্যাকাণ্ডৰ লগত জড়িত দুয়োগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰাৰ লগতে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত (Numaligarh police) ।

লগতে পঢ়ক : Drones for collecting blood samples : ড্ৰোণ ব্যৱহাৰৰ জৰিয়তে তেজৰ নমুনা সংগ্ৰহৰ পদক্ষেপ হিমাচলৰ স্বাস্থ্য বিভাগৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.