thumbnail

By

Published : Jan 29, 2023, 7:05 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

ETV Bharat / Videos

DAC Members Oath Ceremony : দেউৰী স্বায়ত্বশাসিত পৰিষদৰ দ্বিতীয় শপত গ্ৰহণ অনুষ্ঠান

লখিমপুৰ,২৯ জানুৱাৰী: দেওবাৰে অনুষ্ঠিত হয় ৰাজ্যৰ অন্যতম জনগোষ্ঠী দেউৰী সকলৰ সৰ্বাংগীন বিকাশৰ হকে গঠন কৰা দেউৰী স্বায়ত্বশাসিত পৰিষদৰ দ্বিতীয়টো শপত গ্ৰহণ অনুষ্ঠান । জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা শপত গ্ৰহণ অনুষ্ঠানত পৰিষদখনৰ নৱ-নিৰ্বাচিত উপাধ্যক্ষ নন্দিতা দেউৰীসহ সাতগৰাকী কাৰ্যবাহী সদস্যই শপত গ্ৰহণ কৰে । সাতগৰাকী কাৰ্যবাহী সদস্যক শপত গ্ৰহণ কৰোৱাই জিলা উপায়ুক্ত সুমিত সত্তাৱনে(DAC new elected members take oath) । 

শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে শিক্ষা মন্ত্ৰী ৰনোজ পেগু আৰু সাংসদ প্ৰদান বৰুৱা । ইয়াৰোপৰি অনুষ্ঠানটোত পৰিষদখনৰ প্ৰধান সচিব মনোৰমা মৰাং,অধ্যক্ষ, মুখ্য কাৰ্যবাহী বিষয়া, উপ মুখ্য কাৰ্যবাহী বিষয়াৰ লগতে আন কাৰ্যবাহী সকল উপস্থিত থাকে । উল্লেখ্য ইয়াৰ পূৰ্বে যোৱা ২৭ ডিচেম্বৰত নৱ গঠিত পৰিষদখনৰ প্ৰথমটো শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হৈছিল ৷ 

প্ৰথম শপতগ্ৰহণ অনুষ্ঠানত পৰিষদখনৰ নাৰায়ণপুৰস্থিত মুখ্য কাৰ্যালয় প্ৰাঙ্গণৰ অস্থায়ী প্ৰেক্ষাগৃহত ২২ গৰাকী নিৰ্বাচিত সদস্যৰ ভিতৰত অধ্যক্ষ হিচাপে অমৃতপ্ৰভা দেউৰীয়ে, মুখ্যকাৰ্যবাহী সদস্য ৰূপে ভৈৰৱ দেউৰীয়ে আৰু উপ-মুখ্য কাৰ্যবাহী সদস্য ৰূপে ভাস্কৰ দেউৰীয়ে শপত গ্ৰহণ কৰে ৷ কেউজনকে শপত গ্ৰহণ কৰোৱাইছিল জিলা উপায়ুক্ত সুমিত সত্তাৱনে ৷ উক্ত শপত গ্ৰহণ অনুষ্ঠানত অসম চৰকাৰৰ হৈ উপস্থিত আছিল মন্ত্ৰী পীযুষ হাজৰিকা আৰু সাংসদ প্ৰদান বৰুৱা । উল্লেখ্য ২২ টা সমষ্টিৰে গঠিত পৰিষদখনত শেহতীয়া নিৰ্বাচনত বিজেপিয়ে সংখ্যাগৰিষ্ঠ ভোটত পৰিষদ গঠন কৰিবলৈ সক্ষম হৈছিল । 

উল্লেখ্য যে তীব্ৰ ক্ষোভ, অসন্তুষ্টি আৰু খামখেয়ালিৰ মাজেৰে অৱশেষত শপত গ্ৰহণ সম্পন্ন কৰা হৈছিল দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নৱনিৰ্বাচিত প্ৰতিনিধিসকলৰ (DAC new elected members take oath) ৷ ফলাফল ঘোষণাৰ ছয়চল্লিশ (৪৬) দিনৰ মূৰত প্ৰথমবাৰ পৰিষদখনৰ শপত গ্ৰহণ কৰোৱা হৈছিল । পৰিষদখনৰ বাইছটা সমষ্টিৰ ভিতৰত শাসকীয় বিজেপি মিত্ৰজোঁটে বাৰটা, কংগ্ৰেছ দলে দুটা, জেপিপি দলে সাতটা আৰু নিৰ্দলীয়ই এটা সমষ্টি দখল কৰিবলৈ সক্ষম হৈছিল ৷ পৰৱৰ্তী সময়ত এগৰাকী কংগ্ৰেছ আৰু এগৰাকী নিৰ্দলীয় সদস্যই বিজেপিত যোগদান কৰাত শাসকীয় দলটোৰ সংখ্যা বৃদ্ধি হয় ১৪ গৰাকীলৈ ৷ 

লগতে পঢ়ক: Assam tableau in Delhi parade: লাচিতক হিন্দু সেনানী হিচাপে উপস্থাপনৰ প্ৰয়াস চৰকাৰৰ: দেবব্ৰত শইকীয়া

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.