DAC Election: মাজুলীত DAC নিৰ্বাচনৰ প্ৰচাৰ তুংগত - DAC Election
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16823926-595-16823926-1667475582213.jpg)
বৃহস্পতিবাৰে মাজুলী দেউৰী স্বায়ত্ব পৰিষদৰ বিজেপি মিত্ৰজোঁট সমৰ্থিত প্ৰাৰ্থী ইনুপ্ৰভা দেউৰীৰ হৈ জয়ন্ত মল্ল বৰুৱা আৰু নৱ কুমাৰ দলেই প্ৰচাৰ চলায়(DAC election campaign in Majuli) । আগন্তুক নিৰ্বাচনত এই সমষ্টিত বিজেপি মিত্ৰজোঁট সমৰ্থিত প্ৰাৰ্থীগৰাকীয়ে হোৱাতো নিশ্চিত বুলি কয় জয়ন্ত মল্ল বৰুৱাৰ লগতে নৱ কুমাৰ দলেই(Jayanta Malla Baruah in DAC election campaign) । অকল মাজুলীতে নহয় দেউৰী স্বায়ত্ত পৰিষদৰ আটাইকেইটা আসনতে বিজেপি মিত্ৰজোটৰ প্ৰাথী জয়ী হ’ব বুলিও উল্লেখ কৰে । এই নিৰ্বাচনী প্ৰচাৰ সভাত মাজুলী জিলা বিজেপিৰ সভাপতি বীৰেণ শইকীয়া, ঢকুৱাখনা জিলা বিজেপিৰ সভাপতি প্ৰদীপ চমুৱা, দেউৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাধৱ দেউৰী, লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী মঞ্জু বৰগোহাঁইৰ লগতে বিজেপি মিত্ৰজোটৰ কাৰ্যকৰ্তাসকল উপস্থিত থাকে ।
Last Updated : Feb 3, 2023, 8:31 PM IST