World Bicycle Day: বিশ্ব চাইকেল দিৱস উপলক্ষে টিংখাঙত চাইকেল ৰেলী

By

Published : Jun 3, 2023, 4:22 PM IST

Updated : Jun 3, 2023, 4:36 PM IST

thumbnail

টিংখাং,৩ জুন: আজি বিশ্ব চাইকেল দিৱসWorld Bicycle Day । বিশ্ব চাইকেল দিৱস উপলক্ষে টিংখাঙত উলিওৱা হয় এক সজাগতামূলক চাইকেল ৰেলী । আজিৰ পৰা কিছু বছৰৰ আগলৈকে চাইকেলখন আছিল দৈনন্দিন জীৱনৰ প্ৰধান বাটৰ লগৰী । হাট-বজাৰ, অফিচ-কাছাৰীৰ সকলো কৰ্মচাৰীৰে গন্তব্যস্থলীৰ নিৰ্ভৰযোগ্য বাহন হিচাপে পৰিগণিত হোৱা দুচকীয়া চাইকেলখন যেন আজি অৱহেলিত ।  

বৰ্তমানৰ যান্ত্ৰিকতাৰ যুগত মটৰ চাইকেল আৰু বিলাসী বাহনৰ ব্যাপক ব্যৱহাৰৰ ফলত শব্দ আৰু বায়ু প্ৰদূষণৰ হাৰ দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে । আনহাতে পেট্ৰল-,ডিজেলৰ অত্যাধিক মূল্যবৃদ্ধিয়েও সকলোকে জ্বলা-কলা খুৱাইছে । তেনে পৰিপ্ৰেক্ষিতত বৰ্তমান সময়ত চাইকেলৰ প্ৰয়োজনীয়তা পুনৰ বৃদ্ধি পাবলৈ ধৰিছে (Cycle rally in Tingkhang on World Bicycle Day) ।  

বিশ্ব চাইকেল দিৱসৰ লগত সংগতি ৰাখি শনিবাৰে টিংখাঙত শিক্ষাৰ্থীসকলৰ দ্বাৰা বাহিৰ কৰা হয় এক বিশাল চাইকেল ৰেলী (Cycle rally by students in Tingkhang) । 'টিংখাং মডেল একাডেমী' ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ উদ্যোগত সমাজত চাইকেলৰ ব্যৱহাৰ তথা স্বাস্থ্য আৰু পৰিৱেশৰ ক্ষেত্ৰত ইয়াৰ ইতিবাচক প্ৰভাৱৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ এই ৰেলীৰ আয়োজন কৰা হয় । বিদ্যালয়খনৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে এই ৰেলীত অংশগ্ৰহণ কৰে ।  

লগতে পঢ়ক: Kalgachia accident news: কলগাছিয়াৰ শওঁপুৰত তীব্ৰবেগী ডাম্পাৰে পিছফালৰ পৰা খুন্দা মাৰিলে ট্ৰেক্টৰত

Last Updated : Jun 3, 2023, 4:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.