Cyber criminal detained: নগাঁও আৰক্ষীৰ জালত তিনি দুধৰ্ষ চাইবাৰ অপৰাধী

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 11, 2023, 10:59 AM IST

নগাঁও, ১১ আগষ্ট: অপৰাধৰ ৰম্যভূমি হৈ পৰিছে নগাঁও চহৰ ৷ প্ৰতিদিনাই নগাঁও আৰক্ষীৰ জালত পৰে বহু অপৰাধী তথা অভিযুক্ত ৷ বৃহস্পতিবাৰেও এক গোপন খবৰৰ তথ্যৰ ভিত্তিতে অপৰাধ শাখাৰ ASP পাৰ্থপ্ৰতিম শইকীয়াৰ নেতৃত্বত চলোৱা হৈছিল এক অভিযান । এই অভিযানতে আৰক্ষীৰ জালত পৰে তিনি দুধৰ্ষ চাইবাৰ অপৰাধী ৷

ধৃত অপৰাধী কেইটা হৈছে আনছাৰউদ্দিন আহমেদ(২০), ইলিয়াছ আহমেদ(১৮) আৰু আজহাৰুল ইছলাম(২২) । এই অভিযানতে আৰক্ষীয়ে ৫ টা I-Phone সহ উদ্ধাৰ কৰিছে ১৬ টা ম’বাইল ফোন, ১৫০ খনৰো অধিক ছিম কাৰ্ড । ধৃত ছাইবাৰ অপৰাধী কেইটাৰ ঘৰ মৰিগাঁৱৰ মৈৰাবাৰীত বুলি জানিব পৰা গৈছে ।

আৰক্ষীৰ পৰা লাভ কৰা তথ্য অনুসৰি, উৰিয়াগাঁৱত এটা ভাড়াঘৰৰ পৰা এই কু-কাৰ্য চলাইছিল ধৃত তিনি যুৱকে । আনকি বিভিন্ন লোকৰ একাউণ্টৰ পৰা হৰলুকী কৰিছিল ধন । বহু ছাত্ৰ-ছাত্ৰীকো প্ৰৱঞ্চনা কৰাৰ অভিযোগ আছে ধৃত এই তিনি অপৰাধীৰ বিৰুদ্ধে ৷

লগতে পঢ়ক : Cyber criminal detained: নেলীত আটক তিনি চাইবাৰ অপৰাধী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.