আজি উৰুকা: সৰুপথাৰৰ মাছৰ বজাৰত গ্ৰাহকৰ ভিৰ - উৰুকা 2024
🎬 Watch Now: Feature Video
Published : Jan 14, 2024, 11:49 AM IST
সৰুপথাৰ, ১৪ জানুৱাৰী : আজি মাঘ বিহুৰ উৰুকা। হেঁপাহৰ এসাঁজ খাবলৈ বজাৰত ভিৰ ৰাইজৰ। ইফালে শীতৰ কুঁৱলীয়ে বাট ভেটি ধৰিছে । প্ৰচণ্ড শীতকো নেওচি পুৱতি নিশাৰ পৰা মাছৰ বজাৰত ভিৰ লাগিছে গ্ৰাহকৰ । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গোলাঘাট জিলাৰ সৰুপথাৰৰ মাছৰ বজাৰত বৰালি, ভকুৱাৰ পৰা চিতললৈ ওলাইছে ১০ৰ পৰা ২৫ কে.জি ওজনৰ মাছ ।
উৰুকাৰ নিশা ভেলাঘৰৰ তলত লগে ভাগে এসাজ খাবলৈ আয়োজন কৰিছে অসমীয়াই। পুৱাৰে পৰা মাছ কিনিবলৈ সৰুপথাৰৰ বজাৰত গ্ৰাহকৰ লাগিছে ভিৰ । আনন্দৰে নিশা সমিল-মিলেৰে উৰুকাৰ নিশা পালন কৰিব প্ৰতিজন অসমীয়াই ৷ ইফালে হাঁহ আৰু মাংসৰ বজাৰতো ভিৰ কৰিছে ৰাইজে। লাড়ু আৰু পিঠা কিনিবলৈয়ো গ্ৰাহকে ভিৰ কৰিছে বজাৰত ।
লগতে পঢ়ক: শৈশৱে ৰিঙিয়াই ! অতুল বৰাৰ খেৱালি জালত ৰৌ-মিৰিকা-চিতল