Guwahati Tense Situation: নিম্নমানৰ খাদ্যক লৈ মহানগৰী কল্প হোটেলত উত্তেজনা - cricket pitch curator enclosed at kalpa hotal
🎬 Watch Now: Feature Video


Published : Sep 24, 2023, 11:25 AM IST
গুৱাহাটী, 24 ছেপ্টেম্বৰ : শনিবাৰে নিশা মহানগৰীৰ উলুবাৰীস্থিত কল্প হোটেলত উত্তপ্ত পৰিস্থিতি । নিম্নমানৰ খাদ্য যোগান ধৰাক লৈ হোটেলখনত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি । অসম ক্ৰিকেট সংস্থাৰ পিটচ কিউৰেটৰ প্ৰশিক্ষাৰ্থীক নিম্নমানৰ খাদ্য যোগানৰ অভিযোগ কিউৰেটৰসকলৰ । যাক লৈ হোটেলখনত নিশা সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷
উল্লেখ্য যে, 25 জনীয়া কিউৰেটৰৰ এটি দলে হোটেলখনত বাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে । ইফালে বিগত কেইবাদিন ধৰি নিম্নমানৰ খাদ্য যোগান ধৰি আহাৰ অভিযোগ হোটেল কৰ্তৃপক্ষৰ বিৰুদ্ধে । এই অভিযোগ উত্থাপনৰ পিচতে নিশা দলটোক আৱদ্ধ কৰি ৰাখে হোটেল কৰ্তৃপক্ষই । আনকি মূল প্ৰৱেশদ্বাৰত ভিতৰৰ পৰা তলা লগাই দিয়াও পৰিলক্ষিত হয় ।
আনহাতে পিটচ কিউৰেটৰসকলৰ প্ৰতিসাঁজ আহাৰৰ বাবে অসম ক্ৰিকেট সংস্থাই বহন কৰিছে 900 টকাকৈ । বিপৰীতে হোটেল কৰ্তৃপক্ষই নিম্নমানৰ খাদ্য যোগানৰ অভিযোগ প্ৰশিক্ষণৰত কিউৰেটৰৰ । এইক্ষেত্ৰত এগৰাকী মহিলাৰ বিৰুদ্ধে দুৰ্ব্যৱহাৰৰো অভিযোগ কিউৰেটৰসকলৰ ।
লগতে পঢ়ক:Mukhyamantri Swaniyojan Abhiyan: মুখ্যমন্ত্রীৰ আত্মনিৰ্ভৰশীল অসম অভিযানৰ পঞ্জীয়ন প’ৰ্টেল মুকলি