thumbnail

By

Published : Aug 2, 2023, 3:17 PM IST

ETV Bharat / Videos

Anomalies in Buridihing embankment construction:বুঢ়ীদিহিঙৰ মথাউৰিত ফাঁট মেলাত শতাধিক গাঁৱলৈ ভাবুকি

মৰাণ, ২ আগষ্ট:মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সকলো পুৰণি মথাউৰি নিৰ্মাণ কৰি পকীকৰণেৰে যোগাযোগ ব্যৱস্থা সূচল কৰা হ'ব বুলি ঘোষণা কৰিছিল যদিও ইয়াৰ কাৰ্যকৰী হোৱাৰ পূৰ্বে ডিব্ৰুগড়ৰ খোৱাঙত ফাঁট মেলি বহি গ'ল বুঢ়ীদিহিং নদীৰ মথাউৰি । ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানৰ বিভীষিকা অব্যাহত থকা সময়তে ডিব্ৰুগড়ৰ খোৱাঙত বুঢ়ীদিহিং নদীৰ মূল মথাউৰিটোৰ এটা অংশ ফাঁট মেলি বহি যোৱাত শংকিত হৈ পৰিছে ৰাইজ ।  

মৰাণ বিধানসভা সমষ্টিৰ অন্তৰ্গত খোৱাং হালধীবাৰী চেতিয়া গাঁৱত ধাৰাসাৰ বৰষুণৰ মাজতে ফাঁট মেলি বহি যায় বুঢ়ীদিহিং নদীৰ মথাউৰিটোৰ এটা অংশ। যাৰ বাবে এতিয়া দাঁতি কাষৰীয়া কেইবাখনো গাঁৱৰ ৰাইজ চিন্তিত হৈ পৰিছে । শাওণ মাহৰ পৰা আহিন মাহলৈকে উফন্দি থাকে বুঢ়ীদিহিং নদীৰ পানী । তেনেস্থলত এনেদৰে মথাউৰিটো ফাঁট মেলি বহি যোৱাত হালধীবাৰী, চেঁ‌চুঘাট, শিলপোটা, শেনচোৱাপুখুৰীকে ধৰি দুখনকৈ জিলাৰ প্ৰায় শতাধিক গাঁৱলৈ ভাবুকি কঢ়িয়াই আনিছে ।  

উল্লেখ্য় যে হালধীবাৰী চেতিয়া গাঁৱৰ এই বহি যোৱা মথাউৰিটোৰ অংশ মেৰামতিৰ কামো লেহেমীয়া গতিৰে হৈছে । চাৰিদিনৰ পূৰ্বে ফাঁটমেলি বহি যোৱা মথাউৰিটো জলসম্পদ বিভাগৰ লোকে বাঁহৰ পটোৱা দি মেৰামতি কৰিবলৈ চেষ্টা কৰিছে যদিও ৰাইজ আশ্বস্ত হ'ব পৰা নাই। কাৰণ মথাউৰিটোৰ আধাতে ফাঁট মেলি প্ৰায় ১৫ মিটাৰ দৈৰ্ঘ্যৰ ৩ ফুট মান তললৈ বহি গৈছে ।  

এই বৃহৎ অংশ মাটি বাঁহৰ পটোৱাই ৰক্ষা কৰিব পাৰিব নাই তাৰো সন্দেহ কৰাৰ লগতে স্থায়ী সমাধান বিচাৰিছে ৰাইজে । উল্লেখযোগ্য যে মথাউৰিটোৰ পুনৰ নিৰ্মাণ কৰা পাঁচ বছৰ সম্পূৰ্ণ হোৱাৰ আগতে এইদৰে খহি পৰাত নিৰ্মাণ কাৰ্যত বিসংগতি থকা বুলিও অভিযোগ কৰিছে অঞ্চলটোৰ ৰাইজে । 

লগতে পঢ়ক:Attempt to murder: প্ৰেমৰ প্ৰস্তাৱ মানি নোলোৱা বাবেই যুৱতীৰ পিঠিত ছুৰীকাঘাত

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.