লোকসভা নিৰ্বাচন সমাগত; নলবাৰীত CPI(M) ৰ ৰণডংকা - Nalbari News
🎬 Watch Now: Feature Video


Published : Jan 9, 2024, 2:28 PM IST
নলবাৰী,৯ জানুৱাৰী: সমাগত লোকসভা নিৰ্বাচন । লোকসভা নিৰ্বাচনক লৈ তৎপৰ প্ৰতিটো ৰাজনৈতিক দল । মঙলবাৰে নলবাৰীত চি পি আই এমৰ ৰাজনৈতিক ৰণডংকা । আজি নলবাৰী গৰ্ডন খেলপথাৰত বৰপেটা লোকসভা সমষ্টিৰ ভিত্তিত নিৰ্বাচনী ৰণডংকা বজাব চিপিআই এম এ । গৰ্ডন খেলপথাৰত বিশাল গণজাগৰণ সমাৱেশত ১০ হাজাৰ দলীয় কৰ্মীৰ সমাৱেশ হ'ব বুলি সদৰী সৰভোগৰ চি পি আই এমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ । আজিৰ এই সমাৱেশত INDIA মহাজোঁট বন্ধনৰ প্ৰতিটো দলৰ শীৰ্ষ নেতৃত্ব উপস্থিত থাকিব ।
আনহাতে এইবাৰ লোকসভা নিৰ্বাচনত মিত্ৰজোঁটৰ উমৈহতীয়া মঞ্চই প্ৰাৰ্থীত্ব নিদিলেও বৰপেটা লোকসভাত চি পি আই এমে প্ৰতিদ্বন্দিতা আগঢ়াব বুলি মন্তব্য কৰে বিধায়ক মনোৰঞ্জন তালুকদাৰে । লগতে বৰক্ষেত্ৰী সমষ্টিৰ কংগ্ৰেছ বিধায়ক দিগন্ত বৰ্মনো উপস্থিত হয় সমাৱেশত । বিধায়ক বৰ্মনেও আসন ভাগ বতৰা সন্দৰ্ভত INDIA মহাজোঁটৰ আলোচনাৰ মাজেৰে প্ৰকাশ হ’ব বুলি মন্তব্য প্ৰকাশ কৰে । উল্লেখযোগ্য যে আজি নলবাৰীত আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণশিঙা বজোৱাৰ বাবে আয়োজন কৰা হৈছে চিপিআই এমৰ বিশাল গণ জাগৰণ সমাৱেশ ।
লগতে পঢ়ক: অইলৰ বিৰুদ্ধে প্ৰতিবাদত উত্তাল দুলীয়াজান