CPIML Press Meet : বিশ্বাসঘাতক ৰূপে পৰিগণিত হৈছে হিমন্ত বিশ্ব শৰ্মা; চি পি আই এম এল - হিমন্ত বিশ্ব শৰ্মা
🎬 Watch Now: Feature Video
ডিব্ৰুগড়, 9 মে’: দুবছৰীয়া কাৰ্যকালত ব্যৰ্থ আৰু সম্পূৰ্ণৰূপে বিশ্বাসঘাতক ৰূপে পৰিগণিত হৈছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ এই মন্তব্য চি পি আই(এম এল)ৰ ৰাজ্যিক সমিতিৰ সম্পাদক বিবেক দাসৰ ৷ আজি মৰাণৰ পৰিদৰ্শন বাংলোত এক সংবাদমেলৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দুবছৰীয়া কাৰ্যকালৰ খতিয়ান দাঙি ধৰি চি পি আই (এম এল)ৰ ৰাজ্যিক সম্পাদক গৰাকীয়ে এইদৰে মন্তব্য কৰে (CPI ML Leader Bibek Das Slams Himanta Biswa Sarma) ৷
হিমন্ত বিশ্ব শৰ্মাৰ কটাক্ষ কৰি তেওঁ কয় যে, ৰাজভঁৰাল লুণ্ঠন, প্ৰশাসনিক অৰাজকতা আৰু উলংগ দুৰ্নীতি এইখন চৰকাৰৰ এক বৈশিষ্ট্যত পৰিণত হৈছে ৷ ফলত অসমৰ বিত্তীয় অৱস্থা অতিকৈ শোচনীয় হৈ পৰিছে (Two years anniversary of Assam govt) ৷ কেৱল মুখ্যমন্ত্ৰীৰ আয় 2006 চনত 1 কোটিৰ পৰা 2021 চনত 17 কোটিলৈ বৃদ্ধি পাইছে বুলি মন্তব্য কৰে তেওঁ ৷ লগতে ড৹ শৰ্মাৰ চৰকাৰে সাম্প্ৰদায়িক ঘৃণা প্ৰচাৰ কৰিছে বুলিও অভিযোগ কৰে নেতা গৰাকীয়ে (CPI ML Leader Slams Himanta Biswa Sarma) ৷
আজিৰ সংবাদমেলত চি পি আই (এম এল) দলৰ কেন্দ্ৰীয় সমিতিৰ সদস্য বলিন্দ্ৰ শইকীয়া, ৰাজ্যিক সদস্য ক্ৰমে ঘনশ্যাম মুণ্ডা, মীৰা তাঁতী আৰু ডিব্ৰুগড় জিলাৰ সম্পাদক বিতোপন বকলীয়াল উপস্থিত থাকে (CPI ML Press Meet at Moran) ৷
লগতে পঢ়ক: Assam govt 2 years anniversary : কাইলৈ দুবছৰীয়া হ’ব ৰাজ্যৰ বিজেপি চৰকাৰৰ