Cottage industry in Kamalpur: স্থায়ী বজাৰ গঠনৰ দাবী কুটীৰ শিল্পীৰ - কুটীৰ শিল্প

🎬 Watch Now: Feature Video

thumbnail

By

Published : Oct 21, 2022, 1:38 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

কুটীৰ শিল্পৰ সৈতে জড়িত বাইহাটা চাৰিআলিৰ এটা পৰিয়াল ৷ বছৰ বছৰ ধৰি পৰিয়ালটো জড়িত কুটীৰ শিল্পৰ সৈতে (Kamalpur a family has been involved in cottage for years)। এই শিল্পৰ সৈতে জড়িত হৈ আছে প্ৰায় ৩৫০টি পৰিয়াল । কমলপুৰ সমষ্টিৰ বৰুৱাজানি গাঁৱৰ কাঠ শিল্পৰ সৈতে জড়িত হৈ পৰিয়াল ভৰণ-পোষণ দিছে প্ৰায় শতাধিক পৰিয়ালে ৷ কাঠ শিল্পৰ পৰা উৎপাদিত কঠ বিক্ৰী কৰি পোৱা ধনেৰে অৰ্থ উপাৰ্জন কৰে কমলপুৰ সমষ্টিৰ বৰুৱাজানি গাঁৱৰ শতাধিক পৰিয়ালে । শিল্পটিৰ সৈতে জড়িত পৰিয়ালসমূহৰ আবাল-বৃদ্ধ-বণিতা সকলোৱে ব্যস্ত হৈ পৰে কঠ তৈয়াৰ কৰাত(cottage industry in kamalpur) । দূৰ দূৰনিৰ পৰা কঠৰ বাবে প্ৰয়োজনীয় বনসমূহ সংগ্ৰহ কৰি কঠ নিৰ্মাণ কৰে ৷ কিন্তু দুৰ্ভাগ্যজনক বিষয় যে এই শিল্পীসকলৰ বাবে নাই নিৰ্দিষ্ট স্থায়ী বজাৰ। যাৰ বাবে তেওঁলোকে ফেৰি কৰি বিক্ৰী কৰিবলগীয়া হয় কষ্টৰে উৎপাদিত কঠসমূহ । সেয়ে এই শিল্পীসকলৰ জীৱন তথা আৰ্থিক নিৰাপত্তাৰ দিশটোত অগ্ৰাধিকাৰ প্ৰদান কৰি এখন স্থায়ী বজাৰ সৃষ্টি কৰি দিয়াৰ বাবে আহ্বান জনাইছে চৰকাৰক(Cottage artist demand sustainable market) ।
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.