Sub Health Centre at Jonai: ৰতনপুৰত উপ-স্বাস্থ্যকেন্দ্ৰৰ গৃহ পুনৰ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ - উপ স্বাস্থ্যকেন্দ্ৰৰ গৃহ পুনৰ নিৰ্মাণ
🎬 Watch Now: Feature Video
জোনাইৰ ৰতনপুৰ উপ স্বাস্থ্যকেন্দ্ৰৰ গৃহ পুনৰ নিৰ্মাণ-মেৰামতিৰ নামত বিয়াগোম দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে(Sub Health Centre at Jonai) । ৰাইজৰ অভিযোগ মতে, কেন্দ্ৰটোৰ গৃহ পুনৰ নিৰ্মাণৰ ঠিকা লাভ কৰা ঠিকাদাৰগৰাকীয়ে আঁচনিৰ মোটা অংশৰ ধন হৰলুকি কৰাৰ মানসেৰে গৃহটো নিৰ্মাণৰ ক্ষেত্ৰত অতি নিম্নমানৰ চিমেন্ট আৰু মাটি-পলসযুক্ত বালি ব্যৱহাৰ কৰিছে(Corruption in Sub Health Centre construction ) ৷ তেওঁ গৃহটোৰ দুৱাৰ-খিৰিকীত লগোৱা চৌকাঠসমূহতো অতি নিম্নমানৰ কাঠ ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে । অকল এয়াই নহয়, উপ-স্বাস্থ্য কেন্দ্ৰখনৰ ফটাচিটা টিনবোৰ সলনি নকৰাকৈ সামৰিছে নিৰ্মাণৰ দায়িত্ব ৷ উপ স্বাস্থ্যকেন্দ্ৰৰ গৃহ পুনৰ নিৰ্মাণত হোৱা বিয়াগোম দুৰ্নীতি আৰু অনিয়মৰ ওপৰত অসমৰ স্বাস্থ্যমন্ত্ৰী তথা বিভাগীয় কৰ্তৃপক্ষক উচিত তদন্ত কৰি ঠিকাদাৰৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণৰ লগতে উপ-স্বাস্থ্য কেন্দ্ৰখন সঠিকভাৱে নিৰ্মাণ কৰিবলৈ দাবী জনাইছে ৰতনপুৰ গাঁৱৰ ৰাইজে ।
Last Updated : Feb 3, 2023, 8:38 PM IST
TAGGED:
Sub Health Centre at Jonai