thumbnail

By

Published : Nov 25, 2022, 10:44 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

ETV Bharat / Videos

Road construction scam: মৰাণত পথ মেৰামতিত ব্যাপক বিসংগতিৰ অভিযোগ

ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতি আৰু দালালৰাজৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছে যদিও দুৰ্নীতি নিৰ্মূল কৰিব পৰা নাই । মাহমৰা সমষ্টিৰ এটা পথত হোৱা ব্যাপক বিসংগতিয়ে উদঙাই দিছে ইয়াৰ এক প্ৰকৃত ছবি(Poor road condition at Moran) । এইটো মাহমৰা সমষ্টিৰ সৰ্বোদয় গাঁও পঞ্চায়তৰ অন্তৰ্গত খুমটাই-শলমাৰী সংযোগী পথ । পথটোৰ মেৰামতিৰ বাবে আৱন্টন হৈছিল প্ৰায় কোটিতকৈ অধিক টকা । কিন্তু ঠিকাদাৰৰ পালমৰা কাম কৰাৰ বাবে নিৰ্মাণৰ পিছতে বখলা বখলে এৰিছে ব্লেক ট'পিং(Road construction scam at Moran) । স্থানীয় ৰাইজৰ অভিযোগ পথটো পৰিস্কাৰ নকৰাকৈ বালিৰ ওপৰত কৰা হৈছিল ব্লেক ট'পিং । স্থানীয় বিধায়ক তথা দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী যোগেন মহনৰ বাসগৃহৰ নিচেই কাষতে আছে এই পথটো । স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি পথটো ঠিকাদাৰে মেৰামতি কৰা সময়ত লোকনিৰ্মাণ বিভাগৰ লোকে পৰিদৰ্শন নকৰাৰ সুযোগ গ্ৰহণ কৰি ঠিকাদাৰে পালমৰা কাম কৰি দায়িত্ব সামৰিব বিচাৰিছে । ক্ষোভিত ৰাইজ ৰাজপথলৈ ওলাই আহি বন্ধ ৰাখিছে পথ নিৰ্মাণৰ কাম ৷
Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.